পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
অসমীয়া সাহিত্যৰ চানেকি ৷

সমানেই; কিন্তু উকা বৰ জাপি। নেওগ ফুকন, নিয়াই সোধা ফুকন, চাঙ্গৰুঙ্গ ফুকন, এই তিনি সমান, ঐ ৯ জনাৰে নিচিনা। নিবুকিয়াল ৰাজ খোৱা, বচা ৰাজ খোআ, দুই সমান। লোহাৰ ঢকৰ লগা চাঙ্গি মাত্ৰ পাই। দিহিঙ্গিয়া ৰাজ খোৱা ২, সলগুৰিয়া ৰাজখোআ ২, অভই পুৰিয়া ৰাজখোঅা ৩, নামডঙ্গিয়া ৰাজখোআ, দিখৌ মুখিয়া বাজ খোআ, গজ পুৰি ৰাজখোৱা, দৈয়ঙ্গিয়া ৰাজখোৱা ৩ ঘিলা ধৰিয়া ৰাজ খোআ, এই ১৪ জন একে সমান; গুআহাটিত থাকিলে পহিচাঙ্গি পাই। দুই চেটিয়া পাত্ৰ বৰুআ, দুই ঘৰ ফলিয়া বৰুআ, চাঙ্গৰুঙ্গৰ বৰুআ, এই ৮ জনা একে সমান। এই পৰ্জন্তে বাজুআ বিসয়া গল।

 চোলা ধৰা ফুকন খাৰ ঘৰিয়া ফুকন, ঢেকিয়াল ফুকন, নাওসলিয়া ফুকন তামুলি ফুকন, এই ৫ জন সমান। ৰুপৰ চুলাৰে পানি জাপি, পহিচাঙ্গি, খেৰ, টুপি জাপি, পাখি বিচনি, দীঘল নলিয়া ঘুৰনিয়া বিচনি, ৰুপেৰে বেৰি দিয়া লাখুটি চাল কঠ, এই সকল পাই। জদি খেৰ, বিচনি, টুপি নেপাই, তেতিয়া চোলা ধৰা খাৰ খৰিয়া, ঢেকিয়াল, এই তিনিয়ে পৰ্হি চাঙ্গি পাই; নাও সলিয়া ফুকন, তামুলি ফুকন, দুয়ে ঢেকৰ দিয়া চাঙ্গি হে পাই, চিৰিঙ্গ ফুকন, কাথ বৰুআ, সুলপানি বৰুআ, এই তিনি সমান। ৰুপৰ চুলাৰে পানি জাপি, পৰ্হি চাঙ্গি, ৰুপেৰে বেৰি বন্ধা লাখুটি, দীঘল নলিয়া ঘুৰনিয়া বিচনি পাই। জাল ভাৰি ফুকন, গন্ধিয়া বৰুআ, মজুমদাৰ বৰুআ, খনিকৰ বৰুআ, সেন 'চোকা বৰুআ, এই ৫ জনা সমান; ঢেকৰ দিয়া চাঙ্গি পাই। ৰজা জোঁআই সকল বিসই নেপাই থাকিলেও ৰুপৰ চুলা, পহি চাঙ্গি আদি বৰ ভণ্ডাৰ বৰুআ, তুল্য মৰ্জদা পাই; আৰু চাৰিও কোস বানত সিয়া কঠ লই; আৰু তিনি জনা ডাঙ্গৰিয়াৰ লৰা গোহাই বোৰহলে কপৰ চুলা, ঢেকৰ দিয়া চাঙ্গি পাই, বহা কঠ ঐ ৰকম বানত সিয়া৷ চাঙ্গমাই বৰুআ, তিপমিয়া ৰাজখোৱা, হাতীবৰুআ ঘোৰাবৰুআ কুকুৰা ঢোকা বৰুআ, এই পাচ জনা সমান। দোলা কাসৰিয়া বৰুআ, ২ চাওডাঙ্গ বৰুআ, ২ জৰাধৰা বৰুআ, বেজবৰুআ, এই চই জনা সমান। দুলিয়া বৰুআ, ৩ দৰব ধৰা বৰুআ কাঠ কাটিয়া বৰুআ, মলিয়া বৰুআ, ঘিও বৰুআ, পাখি মৰিয়া বৰুআ, এই ৮ জন সমান। গজপুৰিয়া বৰুআ, সিলাকুটি বৰুআ, চৰাই মৰিয়া বৰুআ, ধেনু চোচা বৰুআ, জুতকিয়া বৰুআ, দুঅৰি বৰুআ, এই চইজন সমান। এই পৰ্জন্ত ভিতৰুআল। ৰাই ডঙ্গিয়া ফুকন, পৰ্ব্বতিয়া ফুকন খঙ্গিয়া ফুকন চাৰিঙ্গিয়া ফুকন, তিপমিয়া ফুকন এই পাচ জন সমান। ঢেকৰ লগা চাঙ্গি পাই৷ ৰাইডঙ্গিয়া বৰুআ, পৰ্ব্বতিয়া বৰুআ, খঙ্গিয়া বৰুআ, চাৰিঙ্গিয়া