পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীকাশীনাথ তামুলি ফুকন।

____

আসাম দেসৰ ডাঙ্গৰিয়া গন প্ৰভৃতি বিসয়াৰ নিবন্ধ॥

 সম্প্ৰতি মজদানুসাৰে, বিসযাৰ নাম লিখা জাই। জি জি একে মৰ্জদাৰ সেই সকলক একে চেদৰ মাজতেই লিখা জাব; তাতে লিখাৰ আগ পাচ ক্ৰমে মৰ্জদাতো আগ পাচ আচে। সেই আগ পাচকে চেদে চেদেওঁ, এবং চেদৰ মাজত লিখা সকলোতো বুজিব।

 বুৰা গোহাঁই, ও বব পাত্ৰ গোহাঁই, বৰ গোহাই এই তিনি জনাৰ একে মৰ্জদা; কেকোৰা দোলা আৰো আন বাহৰ উকা, মাজ পিনে নালতে একে খানি গামোচা বান্ধা, সোণব চুলাৰে পানি জাপি, টুপি জাপি, পাখি বিচনি, দুখনৰ দৰে নাল লগা ঘুৰণীয়া বিচনি, কেপ কৰা তলচা। কিন্তু ঘৈণী সকলে এই বোৰ দ্ৰব্যৰ একোকে নেপাই, কেবল পহিচাঙ্গি ও ডাল বৰৈ লগা সোণব চলাৰে সিযা জাপি ইয়াকে পাই। এই তিনি জনাৰে জি জনা ৰাজ মন্ত্ৰী হৈ, ৰাজহত অগ্ৰচৰ ৰূপে ফুৰে, ও জকাই চুকিয়া নামক মানুহ এক হাজাৰ পাই, ইয়াত বাজে একো লৰ নাই। সদিয়া খোআ গোহাই, সলাল গোহাই, মৰঙ্গি খোআ গোহাই, এই তিনি জনাক দাতিয়লিয়া গোহাই বোলে। সি তিনি জনতকৈ কিছুমান কম। বৰ বৰুয়া ও বৰ ফুকন দুয়ো সমান। কিন্তু গুআহাটি দুৰ দেস কাৰণ, তাত বৰ ফুকনৰ কিচু এক্তিয়াৰ বৰ্হা; আৰু দুয়ো জনাৰ পৰ্হি চাঙ্গি ও বানতেৰে আউঠি সিযা বৰ জাপি, ৰূপৰ চুলাৰে পানি জাপি, কোন জনাক সোণৰ চুলাও দিএ; ও খেৰ পাখি বিচনি, টুপি জাপি, দীঘল নলিয়া ঘুৰনিয়াৰে আগ খৰা বিচনি, চাল কঠ বানতৰ মচুলা, ৰুপৰ বেৰি দিয়া লাখুটি। নাও বৈচা ফুকন, পানি ফুকন, ভিতৰুআল ফুকন, দুই ডেকা ফুকন, দুই দিহিঙ্গিয়া ফুকন, ন ফুকন, চেটিয়া ফুকন, এই ন জনাও সেই