পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
অসমীয়া সাহিত্যৰ চানেকি।


তাতো ধৰ্ম্ম তুলাধাব তাঙ্ক বোলে প্ৰায়,
এহি উক্তি কৰি লৈয়া দেখিল তথায়॥
বহুত বসক বিক্ৰি কৰিতে আছয়,
মল পঙ্কে সব তাঙ্গ ব্যাপি বিৰাজয়॥

দণ্ড আৰ কুণ্ডল পঙ্কিল হুয়াচণ্ড,
মত্তপ্ৰায়ে উনমত্ত বিবিধ ভাষণ্ড॥
নানাবিধ মৰ্ত্তে তাঙ্ক বেঢ়িছে চৌপাস,
নাৰী আৰু পুৰুষৰ নাহি ভিন্ন ভাষ॥

কথ কথমপি বিপ্ৰে গৈয়া নিকটক,
বুলিলন্ত মধুবাৰা সম বচনক।
ধৰ্ম্মজ্ঞ মোহোক দিয়ে ধৰ্ম্ম উপদেশ,
যিতো হিত হোৱে মোৰ ছাবিবোহো ক্লেশ॥

তুলাধাৰ নিগদতি যাৱে জনগণ,
মোৰ সন্নিধানে থাকে তাবদে ব্ৰাহ্মণ॥
মোৰ স্বস্থ নাহি যাৱে ৰাত্ৰি প্ৰহৰেক,
উপদেশ দিবে নবো জানা পৰতেক॥

এতেকে ঢলিয়ে তুমি ধৰ্ম্মাকৰ প্ৰতি,
বকব মানে বাস আকাশে না গতি॥
এহি সকলকো তাতে জানিবা নিঃশেষ,
আদ্ৰাহক যায়ো দ্বিজ চাবি মন ক্লেশ॥

তাতে তান উপদেশে তব সমিহিত,
হৈবেক সকল বিপ্ৰ ঢলিয়ো ত্বৰিত॥
এহি বুলি তুলাধাৰ ক্ৰয় বিক্ৰয়ক,
কৰিলেক যথা মনে ধৰি নিয়মক॥