পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
ধৰ্ম্ম পুৰাণ


অতি পুণ্য বলে সৰ্বভূত প্ৰকাশন,
কৰিয়া আছয় নোহে বিস্ময় লক্ষণ॥
তোমাক বুলিল কিবা শান্তি কৰ্ত্তব্যক,
তাহাকে বহিয়ো শুনি মোত সাম্পতক॥

ব্ৰাহ্মণে বোলয় ধৰ্ম্ম তুলাধাৰ কাস,
সুধিবাক বুলিলন্ত মোক হিত আস॥
হৰি বোলে আসা তবে যাওঁ‌ তাক প্ৰতি,
যাহাতে হৰিক বিপ্ৰে বোলে হৰ্ষমতি॥

কোন তুলাধাৰ কুত্ৰ থাকয় বেকত,
হৰি বোলে থাকে সিতো জন বহু যত॥
হাটত বহুত দ্ৰব্য বিক্ৰয়কাৰ্যত,
ইতস্তত কৰি কিনি বিকিয়া সতত॥

এহি মতে তুলাধাৰ আছে ধৰ্ম্ম পৰ্ব,
কায় বাক্য মনে কিছু বিক্ৰিয়া নাকৰ॥
নকৰে নোবোলে মিছা দৌলবল্য তাবত,
সকলো লোকৰ হিত মাত্ৰতেসে ৰত॥

সমস্ত প্ৰানীত সম নাহি হীন পৰ,
তুল্য লোষ্ট্ৰ শিলা স্বৰ্ণ দৃষ্টি পৰশ্বৰ॥
ধনৰত্ন জন মন স্নেহ ঘৃতাদিক,
অন্নাদি সঞ্চয় সৰ্ব্ব কবি সমপাদিক॥

যিতো মুখে লৱে পুনু সোহি মুখ দ্বাৰ,
ত্যাগক কৰয় বিধি ধৰ্ম্ম অনুসাৰ॥
সত্যক তেজিয়া কিঞ্চিতেকো প্ৰাণান্তত।
অসত্যক নো বোলয় কোনো হেতুমত॥