পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
ধৰ্ম্ম পুৰাণ।


দেখা সাধুগণ কেন ধৰ্ম্মৰ আসয়,
যিতো তীৰ্থ সেৱা কৰে চিত্ত নিৰাময়॥
সিতো তীৰ্থে কৈল পুনু প্ৰৌঢ় অহংকাৰ,
যাত হন্তে ভব তাপ আন্মাত প্ৰচাৰ॥

তীৰ্থৰূপে বিষ্ণু ব্যক্ত লোক পবিত্ৰক,
সিতো কিহবয় অহংকাৰৰ সাধক॥
ব্ৰহ্মবধ আদি পাপ প্ৰায়চিন্তামক,
তীৰ্থ সেৱা বিহি ছয় স্মৃতি বিধায়ক॥

ইহেন অতুল বীৰ্য্য পাপহাৰী তীৰ্থ,
সিয়ো পাপ বাজ কইল হাছে কোন ইথ।
এতেকে ধৰ্ম্মৰ নাহি উচ্চতান এক,
সৱেয়ো সাধয় ইষ্ট গতি পৰতেক॥

কাল উপস্থিতে প্ৰাপ্ত হৱে যিতো ধৰ্ম্ম,
অল্প হৈতে সাধে সেহি ইস্ট পুণ্য মৰ্ম্ম॥
যাক অধিকাৰে কালে যিধৰ্ম্ম নানিল,
গুৰু হৈতো সিতো ধৰ্ম্ম তান সেব্য হৈল॥

উপস্থিত ধৰ্ম্মে অল্প বুদ্ধি কাৰি নৰ,
কালে দুৰীকৃত ধৰ্ম্মে গুৰু ভাৱ পৰ॥
সমাপক এৰি কৰে বিদূৰ সেবণ,
সিতো নাপাৱয় পুণ্য কাম আচৰণ॥

এতেকেসে কামাচাৰে কৰিতে ধৰ্ম্মক,
নাপাৱয় পুণ্য হেন শাস্ত্ৰ নিয়ামক॥
কাল প্ৰাপ্ত ধৰ্ম্মতো জানিবা ইতো শেষ,
ভক্তি সে পৰম শক্তি বিখাতিত ক্লেশ॥