পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
অসমীয়া সাহিত্যৰ চানেকি।

নেপাল দেশৰ পতি বৰিলন্ত হুযা ভীতি,
 নানাবিধ সম্ভাৰক লই,
নৰসিংহে হেন দেখি সগোতক হুয়া আসি,
 কাশী দেশে পলাই ৰৈলা গৈ॥
দুৰ্গম পন্থক চাই নগৈলন্ত দুয়ো ভাই,
 তৈৰ পৰা পালটি আসিলা।
পাচে নৰ নাৰায়ণে বাপেকৰ সিংহাসনে,
 ৰাজা হৈ প্ৰকাশ কৰিলা॥
নাৰলি মোহৰ মাৰি চলাইন্ত আজ্ঞা কৰি,
 মল্ল শুক্ল নাম বিস্তাৰিলা।
যেন ৰাম লক্ষণ এক পিন্তে দুয়োজন,
 সেই মতে ৰাজক পালিলা॥
অত্ৰান্তৰে নৰৰাই আজ্ঞা দিলা দুযো ভাই,
 সৈন্যৰ মোহোলা কৰিবাৰ।
নৃপতিৰ আজ্ঞা পাই মোহোলা কৰিয়া ঠাই,
 লক্ষ চাৰি বত্ৰিশ হাজাৰ॥
ৰজক সোনাৰি তেলি কহাৰ কমাৰ মালি,
 এহি সব বাক্য কৰিলন্ত।
সৈন্যৰ গণিতা পাই জনাইলা ৰাজাৰ ঠাই,
 শুনি ৰঙ্গ ৰাজাৰ ভৈলন্ত॥
বোলে নৰ নাৰায়ণে শুনিয়োক সৈন্য গণে,
 পূৰ্ব্বে পিতৃ এমন কৰিলা,
অসম মাৰিবে গৈলা খৰচ তাকৰ ভৈলা,
 গঙ্গামুখ হন্তে ফিৰি আইলা॥

 ১৪৫৬ এই শকত নৰসিংহ ৰাজাক খেদি নৰনাৰায়ণ শুক্লধ্বজ ৰাজা হৈছে।