পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
দৰঙ্গৰাজবংশাৱলী।

তাহান চৰিত্ৰ হৰি নামে এৰে সৰি,
হৰি হৰ ভেদ নাই ঘষিয়ো শ্ৰীহৰি॥

______

ছবি।

বিশ্বসিংহ মহাৰাই স্বৰ্গ পন্থ পাইলা যাই,
 পাচে নৰসিংহ ৰাজা ভৈলা।
মল্ল শুক্ল দুই ভাই গুৰু গৃহে ৰৈলা যাই,
 তৈকলাগি মন্ত্ৰী পত্ৰ দিলা॥
দুয়ো ভাই পত্ৰ পাইলা গুৰুৰ হস্তত দিলা,
 পত্ৰ চাই বুলিলা সন্যাসী।
তুমি বাজা হৈবে পৰা শীঘ্ৰ গতি গৃহে যাবা,
 আজ্ঞা পাই দুয়ো পাইলা আসি॥
বোলে মল্ল নাৰায়ণে নৰসিংহ নৃপ মানে,
 যোগ্য নুই যোগ্য হওঁ আমি।
নৰসিংহে হেন শুনি পিতৃহৰ বাক্য শুনি,
 ভোটান্তে গৈলন্ত পুত্ৰসমি॥
মল্ল শুক্ল দুযো ভাই ভোটান্তে গৈলন্ত ধাই,
 বোলে কেনে ৰাখা মোৰ অৰি,
ভয়ে ততো মিলিলন্ত নৰসিংহে দেখিলন্ত,
 মৰঙ্গ দেশক গৈলা ডৰি॥
মৰঙ্গকো গৈলা খেদি মৰঙ্গো বৰিলা যদি,
 নৰসিংহ তৈতো নাপাই ঠাই।
তাৰো পৰা চলি গৈলা নেপালে পশিয়া ৰৈলা,
 তাকো খেদি গৈলা দুয়ো ভাই॥