পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
দৰঙ্গৰাজবংশাৱলী ৷

পিতৃৰ বাঞ্ছিত বাণী পুত্ৰে কৰৈ ভাগ্য মানি,
 গোহাই কমলে সমে যাবা,
নাপাৰিবা তোৰা গালি পৰ সুখ লাগি আলি,
 বান্ধি আহি আমাত জনাবা॥

গোহাই কমলে শুনি যশৰৈব মনে শুনি,
 শ্ৰেষ্ঠ ভ্ৰাতৃ বচন পালিলা,
বেহাৰৰ দুপৰৰ পন্থত পুখৰি খানি,
 আলি বান্ধি আসি জানাইলা।

পাচে উট গৰ্দ্দভত বলধিত শকতত,
 জোৰাই জোৰাই খৰচ লৈলন্ত।
যাত্ৰা কৰি শুভক্ষণে লগে লৈয়া সৈন্য গণে;
 সংগ্ৰামক ৰাজা লৰিলন্ত।

ব্ৰাহ্মণক দিলা দান কৰিয়া বহুত মান,
 পাছে ৰাজা স্বপ্ন দেখিলন্ত।
স্বপ্নত বোলন্ত হৰ আপোনাৰ পূৰ্ব্বাপৰ,
 কিয় তই এড়িলি আচাৰ।

মেচক চাৰিৰ গিয় নাচানলে দাস কিয়,
 তোৰ এহি কুল ব্যবহাৰ।
স্বপ্ন দেখি নৰেশ্বৰ সোনকোষ নদী তীৰে,
 কছাৰিৰ নাছন দিলন্ত।

দেব বুলি ছৰিলন্ত জয় জয় বলিলন্ত,
 ৰাজা কৰযোৰ কৰি লন্ত॥
তাসম্বক তুষিলন্ত তাৰ পৰা লৰিলন্ত,
 যাই ৰৌভাবৰিক লভিলা,