ব্ৰাহ্মণৰ তেজ কেহে ৰাখিবে নৰিলা,
আঙ্গুলিৰ বিষে বিপ্ৰে ৰাজাক সপিলা॥
কোন কাৰ্য্যে ফালি চিৰি মাৰস আমাক,
মৰিবিহি ফাটি তয়ো সপিলা ৰাজাক॥
এমন দোষক যদি ৰাজাই কৰিলা,
তাৰ ফলে পক্ষান্তৰে খং দেখা দিলা।
দেখি বিশ্বসিংহ ৰাজা ভাবনা কৰিলা,
পুত্ৰ সমস্তক মতাই আনি শিক্ষা দিলা॥
মোৰ বংশে ব্ৰাহ্মণৰ দ্ৰোহ নাচৰিবা,
দ্ৰোহৰ সম্বন্ধে আঙ্গুলিয়ো নোটোৱাইবা।
মোৰ বাক্য বুলি যদি সঁজাত নপাই।
শাস্ত্ৰ চাই দেখ পৰীক্ষিতৰ বিলাই॥
তেজপীয়া হুইছে নৃপ ব্ৰহ্ম বিত্ত হৰি,
ইন্দ্ৰৰো হৰিছে এক দেখহো বিচাৰি।
আৰু মেচ কোচ কছাৰিৰ কন্যা আনি।
বিহাইবা—নানিবা অন্য জাতিৰ ৰমণী॥
মাত্তল আকৃতি হবে মনুষ্য সকল,
ছত্ৰ ভঙ্গ হুইবে গাৱে নুহিবেক বল॥
এই ক্ৰমে পুত্ৰ সমস্তক শিক্ষাইলন্ত।
মৌনে হৰপদ চিন্তি দেহা এড়িলন্ত॥
ৰাজ বংশাবলী কথা শুনা সৰ্ব্বজনে,
বিশ্বসিংহ হেন ৰাজা হৈবে কোন জনে,
সাক্ষাতে মহেশে আসি ভৈলা অবতাৰ।
বুঝিয়ো কাহাৰ শক্তি এমন হৈবাৰ॥