পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
দৰঙ্গৰাজবংশাৱলী।


এই দুই দণ্ড যি দিশক মুখ হই,
জানিবিহি তই সিদিশত হৈবি জয়॥
এহি বুলি অন্তৰ্ধান ভৈলা মহেশ্বৰ॥
কহে শুনা—যিতো ভৈলা আত অনন্তৰ॥

নৰ সিংহ কোমৰক বেথা কৰে ৰাই,
এহি কথা জানি মল্ল শুক্ল দুই ভাই॥
কষ্ট মন হুয়া বাৰানসীক চলিলা।
ব্ৰহ্মানন্দ সন্যাসীয়ে শাস্ত্ৰ শিক্ষা দিলা॥

বিদ্যা জানি দুয়ো বৰ হৰ্ষক লভিলা,
গুৰু গৃহে কতো কাল আনন্দে বঞ্চিলা॥
বিশ্বসিংহ নৃপতিয়ে শাস্ত্ৰ নজানিলা।
ৰাজা হুই পঞ্চি সমা এবৎসৰ ভুঞ্জিলা॥

পাচে কথা এক ৰাজা পুচন্ত বিপ্ৰত।
কিবা আছে তোমাসাৰ বৃদ্ধ আঙ্গুলিত॥
সেবন্ত মনুষ্য গণে পৰিয়া তাহাত।
না ভাণ্ডিয়া দ্বিজ তুমি কহিয়ো আমাত॥

তীৰ্থৰ আশ্ৰয় বুলি বিপ্ৰে নকহিলা,
শুক্ল তেজ আছে হেন হঠাতে বুলিলা॥
ৰাজা বোলে আঙ্গুলি ফালোক বুকো চাই,
কিবা শুক্ল কিবা ৰক্ত বুঝান নযাই॥

হাঠুৰি বটালি দিয়া ফলাইলা ভণ্ডাৰি,
শুক্ল নোহে দেখে ৰক্ত বহে ধাৰা সাৰি॥
আঙ্গুলিত ব্ৰাহ্মণৰ বিষে ধৰিলন্ত,
বৰ বৈদ্য আনি তাঙ্ক লগাইলন্ত॥