ক্ষুধাতুৰ ভৈলে নিকি দুয়ো হাতে খাই।
জুৰাই খাইলে স্বাদ পাই ক্ষুধাও পলাই॥
আৰু গোৰখৰ কথা পুছিলিজিতই।
শুনা এক মনে তাক তোত কহোঁ মই॥
ভুঁয়া সমে বৰ গোৰখিয়া ৰণ কৰে।
বুদ্ধি নাই এতেকেসে সংগ্ৰামত হাৰে॥
বল বুদ্ধি মধ্যে যাৰ বুদ্ধিবল তাৰ।
শশা হুয়ো মৃগেন্দ্ৰক কৰিছন্ত মাৰ॥
সসৈন্যে থাকন্ত ভুঁঞা সমস্ত সজাগে।
ঢোল তাল ৰুলি দিয়া ধৰিবে নলাগে॥
বিশ্ব ভৈলে সৈন্যে বিদাই মাগি গৃহে যাই।
এবম্বিধে ধৰিবাক লাগে তেতিয়াই॥
তেবে চোনৰোক হেন মেচিনী বুলিলা।
বৰ গোৰখিয়া শুনি মনে আলোচিলা॥
গোসাঁনীৰ মূৰ্ত্তি এক পহাত লভিলা।
দেখি ৰঙ্গ মন হুয়া গৃহক আসিলা॥
আত অনন্তৰে সাত বিশ্ব আসি ভৈলা।
ভুঁয়াত বিদাই মাগি সৈন্য গৃহে গৈলা॥
সেই চেগে খেদি ফুল গুৰিৰ ভুঁয়াক।
হঠাতে আবৰি ধৰি মাৰিলন্ত তাক॥
সেই মতে বেজিনীৰ ভূঁয়াক মাৰিল।
আনন্দ লভিয়া মেচিনীক প্ৰশংসিলা॥
প্ৰতাপ নামত ভুঁয়া আছই পাৰুত।
তাঙ্ক যুদ্ধ কৰিবাক গৈলা শিৱ সুত॥