পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
দৰঙ্গৰাজবংশাৱলী।

তাৰ ভ্ৰাতৃ স্নানিবাক গৈলা লোহিত্যত।
পথে চোপা দিয়া ধৰি কৰিলন্ত হত॥
ভ্ৰাতৃ বধ দেখি ভয় প্ৰতাপ পাইলা।
নাও ভৰা দিয়া অসমত সুমাই ৰৈলা॥

এহি মতে বাৰ ভূঁয়া মাৰি সমাপিলা।
সামান্য সকলে শিৱ পুত্ৰক বৰিলা॥
এহি মতে ভূঁয়া মাৰি বনঙ্গ কৰিলা।।
ৰাজা হৈবে লাগি বিশ্ব প্ৰাৰম্ভ কৰিলা॥

নিশা কালে গোঁসানীযে স্বপ্নত কহিলা।
নগৰ সাজিয়া মূৰ্ত্তি থাপিবাক দিলা॥
দেউৰী পূজাৰি আনে বাদ্য ভণ্ড যত।
দিয়া ৰাজা পাতিক কহিলা বিশ্বত॥

হেন স্বপ্ন দেখি বিশ্ব জাগিয়া আছিলা।
প্ৰভাতে উঠিয়া সব লোক পাঞ্চি দিলা॥
নগৰ সাজি ততে মূৰ্ত্তি থাপিলন্ত।
দণ্ডে ছত্ৰে সিংহাসনে ৰজা পাতিল॥

মহাৰাজ চিহ্ন যত বিভব আছয়।
সবাহাঙ্কে শিৱ পুত্ৰে দিলেক নিশ্চয়॥
পূজা বলি দিয়া দও ছত্ৰে নমিলন্ত।
সবাকে শুনায়া বিশ্ব কথা কহি লন্ত॥

আজি ধৰি আমসাৰ দেবী ভৈল ৰাজা।
তানে প্ৰতিনিধি আমি নিয়মিবো প্ৰজা॥
তাত পাছে শিৱ পুত্ৰে আনি সিংহাসন।
তাতে বসি ৰজা হৈবে কৰি যতন॥