পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
দৰঙ্গৰাজবংশাৱলী


আনন্দে ক্ৰীড়ন্ত কিঞ্চিতেকো ভয় নাই।
হস্তীক দেখিলে তাৰ শুণ্ডে ধৰে যাই॥
আগুৱাই নেন্ত টানি পিচুৱাৱে ঠেলি।
দেখিয়া বালকগণে হাসে খল খলি॥

এবমাদি শিশু লীলা আচৰি ভ্ৰমিলা।
শুনা আত অনন্তৰে পাচে যি কৰিলা॥
বাৰ জন ভূঞা আছে মহীন্দ্ৰ পৰাই।
বিবৰ্ত্তি ভুঞ্জন্ত ৰাজ্য কাকো শঙ্কা নাই॥

তেসম্বে সহিতে যুদ্ধ কৰিবাক মনে।
বাদ্য ভাণ্ড ৰুলি দিয়া আসিলা তেখনে॥
প্ৰথমে বধিলা কৰ্ণপুৰৰ ভূঞাক।
তাত পাচে মাৰিলন্ত খুটাঘেটীয়াক॥

বেলগুৰীয়াক প্ৰতি পাচে খেদি গৈলা।
ৰণভঙ্গ হুয়া অৰণ্যত প্ৰবেশিলা॥
এক ঘৰি মেছ অৰণ্যত ভেণ্ট পাইলা।
তিনি দিন উপবাসে ক্ষুধাই পীড়িলা॥৬০॥

এতেকে মেচীত অন্ন খুজিলন্ত যাই।
মেচিনী কুক্কুট মাংসে অন্ন ৰান্ধি দিলা॥
তপত অন্নৰ গ্ৰাসে মুখক পুড়িলা॥
হেন দেখি মেচিনীয়ে কৰিলন্ত হাস।
তই বৰ গোৰখেও একো নজানস॥

শুনি বৰগোৰখে যে পোচ মেচীত।
দুয়ো কিবা নজানোহো কহিয়ো নিশ্চিত॥
মেচি বোলে ছায়া জানে কৈবে নলাগয়।
তপ্ততে ভুঞ্জিলে মুখ অবশ্যে দহয়॥