এক দিন গোৰখীয়া সবক মতিলা।
দেখহু শৰৎ কালি দুৰ্গোৎসব ভৈলা॥
ফৰিঙ্গ ধৰিয়া আন তাকে বলি কৰি।
দুৰ্গোৎসব পূজা কৰৰ মাঙ্গল্য আচৰি॥
গোৰখীয়া হাতে ফৰিঙ্গক ধৰি দিলা।
কাকোৱা বাঁহৰ চোঁছ ধৰিয়া কাটিলা॥
ওভটাই লৰু পুটি গুৰিতে পূজিলা।
তুষ্ট হৱা, মহামায়া বুলি প্ৰণামিলা॥
বিচাৰি ফৰিঙ্গ নাপাইলন্ত একজনে।
বলে তই ফৰিঙ্গক নানিলি কেমনে॥
তোকে বলি কৰি কাটি সেৱোহো ভবানী।
চোঁছৰ ৰেপতে কাটিলন্ত গল খানি॥
ওভোটা লৰুৰ গোৰে তাকে অৰ্চ্চিলন্ত।
লৰুয়ে ওভোটা বাঁহ হুয়া ৰহিলন্ত॥
চিক্নি দিয়া দেৱালয় ভৈলা সেই বাঁহে।
মনুষ্যে সেবন্ত যাক অদ্যাপি উৎসাহে॥
লৰুৱে ভৈলন্ত বাঁহ দেখি সৰ্ব্বজনে।
নোহন্ত মনুষ্য বুলি কহে থানে থানে॥
মহামায়া প্ৰসন্ন ভৈলন্ত তাঙ্ক প্ৰতি।
গোৰখ বালক সঙ্গে ক্ৰীড়িয়া ফুৰন্তি॥
অস্ত্ৰ শস্ত্ৰ মল্লশ্ৰম অভ্যাস কৰিলা।
অসংখ্যাত শিশু তান লগতে ক্ৰীড়িলা॥
বালক কালৰ পৰা অতি বলৱন্ত।
বৰাহ মহিষ গণ্ড মোচাৰি মাৰন্ত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৫২
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
অসমীয়া সাহিত্যৰ চানেকি।