ৰমা নামে কোচ এক তথা আছিলন্ত।
এক মনে ভক্তি ভাবে গৌৰীক চিন্তন্ত॥
বশিষ্ঠ ঋষিৰ শাপে জগত জননী।
ৰমাৰ দুহিতৃ হৈয়া জন্মিলা আপুনি॥
ৰূপান্বিতা দেখি হীৰা নামক থৈলন্ত।
হাৰিয়াক লাগি সেহি কন্যা খুজিলন্ত॥
শুভক্ষণে শুভলগ্নে বিবাহ কৰিলা।
বাহ্ৰয় গ্ৰামৰ লোক সবাকে মাতিলা॥
সবে আসি হাড়িয়াক মণ্ডল পাতিলা।
ভোজ ভাত খায়া সবে আনন্দে চলিলা॥
সেহি ধৰি বাহ্ৰ গ্ৰামে ভৈলা অধিকাৰী।
কাহাকো নেদয় কৰ এহি সীমা ধৰি॥
পূৰ্ব্বত মানাহ সোণকোষ পশ্চিমত।
উত্তৰে ধৱলগিৰি দক্ষিণে লৌহিত্য॥
খুটাঘাটে বাহ্ৰ ঘৰ গিৰি ভদ্ৰতৰ।
আলোচিলা গাৰি দিবে দেখিয়া লোকৰ॥
সবে হন্তে আলোচিয়া হুয়া এক ঠাই।
বনৰ মাঝত গাৰি কাটিলন্ত যাই॥
প্ৰভাততে মেছগণে পন্তা ভাত খাই।
দুপৰতো ভাত লৈয়া ভাৰ্য্যাসব যাই॥
দিন গোট কৰ্ম্ম কৰি তথাত থাকয়।
গধুলি সময়ে পুনু গৃহক আসয়॥
এহি মতে মেছগণ কতো দিন আছে।
দেখি মহেশ্বৰে ছল কৰিলেক পাচে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
দৰঙ্গৰাজবংশাৱলী ৷