এক দিনা ছদ্ম বেশে মহেশ আসিয়া।
আৰক জোৰাৰ বেল গুৰিত বসিলা॥
হাড়িয়া মণ্ডল হেন ৰূপ আছে ধৰি।
পথক নিহালি চান্ত শিব বেঙ্কা কৰি॥
টোপলী ভাতক হস্তে লৈয়া হীৰা যাই।
হাড়িয়া মণ্ডল হেন দেখিয়াছে ঠাই॥
মুৰ টিপিয়াই মাতিলন্ত মহেশ্বৰে।
অন্য লগ ছাৰি হীৰা গৈলন্ত সত্বৰে॥৪০॥
শোধে হীৰা আত একেশ্বৰে আছা কিয়া।
হৰে বোলে আছে মোক ক্ষুধাই পিড়িয়া॥
আথে বেথে মেছিনী কৰিলা ভাত ঠাই।
আৰক জোৰাৰ পানি আনি দিলা যাই॥
ভাত দিলা খাই হৰে হীৰাক ৰমিলা।
তাৰ পৰা উলটিয়া গৃহক আসিলা॥
কপাস তলিত মেছে খাইবে নপাই ভাত।
ক্ৰোধে বেগে আসি বসি মুণ্ডে দিলা হাত॥
সোধন্ত হীৰাই আজি কিসক আসিলি।
মণ্ডলে বোলন্ত কেনে ভাত নি নেদিলি॥
হেন শুনি হীৰাই বোলন্ত তাক চাই।
আৰক জোৰাৰ তীৰে ভাত আছা খাই॥
বেলৰ মূলত তই আছিলি বসিয়া।
গাৰিক চলিলি তাতে মোহোক ৰমিয়া॥
দিনৰ শৃঙ্গাৰে মই লজ্জাক লভিলোঁ।
গাৰিক নগৈলোঁ তাৰ পৰা উলটিলোঁ॥