পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
অসমীয়া সাহিত্যৰ চানেকি ৷

সবাৰো কাম্পয় হৃদি ৰামৰ ভয়ত।
দূত পঠাই চাইলা ৰাম নাহি আশ্ৰমত॥
সেহি চেগে খেদি জমদগ্নিক কাটিলা।
শিৰ গুটী নিয়া সবে সজাগে থাকিলা॥

স্বামীৰ মৰণ দেখি পাচে ৰেনুকাই।
কোথা গৈলা ৰাম বুলি ডাকে আৰ্ত্তৰাই।
অৰণ্যৰে পৰা শুনি মাতৃৰ ক্ৰন্দন।
শীঘ্ৰে আসিলন্ত জমদগ্নিৰ নন্দন॥

দেখন্ত পিতৃক কাটি শিৰক নিলন্ত।
হাতত পৰশু ধৰি দেখিবা পাইলন্ত॥
তাসম্বাৰ শিৰসব কাটি পেলাইলন্ত।
চকিলাত বাৰ জন পলাই ৰহিলন্ত॥

ক্ষত্ৰী হুয়া যাতো সিতো পলায়া ৰহিলা।
এহি হেতু মদ্যে মাংসে সকলে ভুঞ্জিলা॥
মেচ বুলি তাসম্বাৰ জাতি কহিলন্ত।
শিৱক চিন্তিয়া সবে তথা ৰহিলন্ত॥৩০॥

সবাইতে শ্ৰেষ্ঠ দমাম্বুযে যাৰ নাম।
স্বামী ভাৰ্য্যা দুয়ো শিৱ চিন্তে অবিশ্ৰাম॥
পূজাত ভক্তিক দেখি দেব মহেশ্বৰ।
অঙ্গ ৰূপে জম্মিলন্ত দমাম্বুৰ ঘৰ॥

চাৰি শূন্য চৈধ্য শকে জনম লভিলা।
হাড়িয়া মণ্ডল নাম সমন্তে ঘুষিলা॥
থুলন্তৰ মেচ গোট কৃষ্ণ বৰ্ণ কাই।
পৰ্ব্বতত ফুৰে সিতো কাকো শঙ্কা নাই॥