ইসব কথাক মই এই মানে থওঁ।
বিশ্বসিংহ নৃপতিৰ জন্ম কথা কওঁ॥
আছিলন্ত চন্দ্ৰবংশী নৃপতি হৈহয়।
সহস্ৰ অৰ্জ্জুন নামে তাহাৰ তনয়॥
মৃগয়া কৰিয়া ফুৰিলন্ত বনে বনে।
সঙ্গে চলিলন্ত অসংখ্যাত সেনগণে॥
অকস্মাতে পাইলা জমদগ্নিৰ আশ্ৰম।
ফলে পুষ্পে পৰিস্কাৰ আতি মনোৰম॥
সহস্ৰাৰ্জ্জুনক ঋষি আসিবা দেখিলা।
সসৈন্যে ভোজন কৰাই ঋষি শুশ্ৰূষিলা॥
অৰ্জ্জুনে দেখিয়া তাঙ্ক বিস্ময় মানিলা।
কামধেনু আছে বুলি সূচকে কহিলা॥
অৰ্জ্জুনে ঋষিক মাতি ধেনুক খুজিলা।
নেদন্ত ঋষিয়ে দেখি বলে কাঢ়ি নিলা॥
ফল পুষ্প বিচাৰিয়া ৰাম আসিলন্ত।
অৰ্জ্জুনে হৰিলা ধেনু ঋষি কহিলন্ত॥
ক্ৰোধে খেদি যাই ৰামে অৰ্জ্জুনক মাৰি।
কামধেনু আনিলন্ত নগৰ বিচাৰি॥
সহস্ৰ অৰ্জ্জুন পুত্ৰ হাজাৰেক আছে।
পিতৃ বধ দেখি গুণি ৰহিলন্ত পাচে॥
সবে মিলি এক দিনা কৰি আলোচন।
আমাৰ পিতৃক ৰামে কৰিলা নিৰ্যান॥
তাহানো পিতৃক মাৰি সুজো পিতৃঋণ।
এহি মতে মন্ত্ৰণা কৰয় ৰাত্ৰিদিন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
দৰঙ্গৰাজবংশাৱলী ৷