পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
অসমীয়া সাহিত্যৰ চানেকি ৷

একাদশ যষ্টি শকে ৰাজ্যক ভুঞ্জিলা।
নাৰাঙ্গ নামত তান তনয় জন্মিলা॥
কুশাঙ্ক নামত তাৰে জন্মিলা কোঞৰ।
কুশাঙ্কৰ তনয় মৃগাঙ্ক নৰেশ্বৰ॥

চতুৰ্দ্দশ চন্দ্ৰ চন্দ্ৰ শকত মৃগাঙ্ক।
ৰাজ্য ভোগে নাহি সুখ যাতো অপুত্ৰক॥
পণ্ডিত ব্ৰাহ্মণ এক দৰঙ্গে আছিলা।
তাঙ্ক ৰাজা পাতি জয়সিংহ নাম দিলা॥

জয়সিংহ ৰাজা তিনি বৎসৰ ভুঞ্জিলা।
চতুৰ্দ্দশ চন্দ্ৰ চাৰি শক থিতি ভৈলা॥
অত্ৰান্তে ৰাজ্যক বাৰ ভূঞাই ভুঞ্জিলা।
শুনিয়োক তাত পাচে যেমন কৰিলা ॥

গৌৰত হুচান নামে পাচ্ছা যে আছিলা।
তাহৰি নন্দন ফুলতান নামে আইলা।
দ্বাদশ হাজাৰ তুৰ্ক্কি ত্ৰয়োদশ তাজি।
সঙ্গে লৈয়া আসিলন্ত মছলন্দ গাজি॥

কানু নামে দেৱানকো আনিলা লগত।
বাৰ ভুঞা মাৰি ৰাজ্য লৈলন্ত সমস্ত॥
লৌহিত্য উত্তৰে থান কৰিয়া লৈলন্ত।
গৰুড়াচলত সুলতান মৰিলন্ত॥

পাচে তাৰ মন্ত্ৰী যোদ্ধামন্য নিৰন্তৰ।
পাচ্ছাৰ বিয়োগে ৰাজ্য চাৰি গৈলা ঘৰ॥
চতুৰ্দ্দশ দ্বাষষ্টি শকৰ থিতি ভৈলা।
পুনৰপি বাৰ ভূঞা হুয়া প্ৰবৰ্ত্তিলা॥২০॥