পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

রতিক্ৰান্ত দ্বিজ।


[এই জন কবি মঙ্গলদৈ অঞ্চলৰ এজন ব্ৰাহ্মণ আছিল। তেওঁৰ পূৰ্ব্বপুৰুষ আদিৰ বিষয়ে কোনো কথা এতিয়াও জানিব পৰা নাই তেওঁ দৰঙ্গ ৰজাৰ সভাৰ এজন বিখ্যাত পণ্ডিত আছিল। তেও ৺ খড়ঙ্গনাৰায়ণ ৰজাৰ আদেশত “ৰাজবংশাৱলী” নামেৰে এই ঐতিহাসিক কাব্যখনি ৰচনা কৰে। ১৭২৪ শকত অৰ্থাৎ ১৮০২ খৃষ্টাব্দত এই কাব্যখনৰ লিখা শেষ কৰে। তেওঁ এই পুথিত বাজেও আৰু অন্য কেইজন মনে কবিৰে সৈতে লগলাগি ১৭১৭ শকত ব্ৰহ্মবৈবৰ্ত্ত পুৰাণৰ অসমীয়া পথ ভাঙ্গণি ৰচনা কৰে। তেওঁৰ লগৰীয়া কবি কেই জনৰ নাম আছিল, নন্দীস্বৰ দিজ, বিশ্বেশ্বৰ দ্বিজ, খড়্গেশ্বৰ দ্বিজ, আৰু নৰোত্তম দ্বিজ। ব্ৰহ্মবৈবৰ্ত্ত পুৰাণৰ ৮ম আধ্যায়ৰ আৰম্ভৰ পৰা শ্ৰীকৃষ্ণ জন্ম খণ্ডৰ শেহলৈকে ৰতিকান্ত দ্বিজই লিখা আৰু বাকী অংশ আন আন কেইজন কবিয়ে ভাগ কৰি লিখে। তেওঁবিলাকে ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ লিখোঁতে দৰঙ্গত হয়নাৰায়ণ ৰজা আছিল। ৰতিকান্ত ১৭১৭ আৰু ১৭২৪ শকৰ ভিতৰেও বৰ্ত্তমান আছিল। তেওঁ অসমীয়া সাহিত্যৰ বৰ্ত্তমান যুগৰ আদি ভাগৰ এজন প্ৰধান কবি আছিল। ]

ৰাজবংশাৱলী।

জয় নমো কৃষ্ণ দেৱ দৈবকী নন্দন।
মেঘ শ্যাম তনু পীত বস্ত্ৰে বিতোপন॥
হিয়াত শ্ৰীবৎস লক্ষ্মী মাৱ প্ৰকাশন্ত।
কোটি সূৰ্য্য সম কণ্ঠে কৌস্তুভ শোভন্ত ॥১॥

অমল কমল দল লোচন যুগল।
প্ৰসন্ন বদন পূৰ্ণ চন্দ্ৰ মণ্ডল॥
শঙ্খচক্ৰগদাপদ্মধাৰী চাৰি হাত।
হেনয় কৃষ্ণক মই কৰোঁ প্ৰণিপাত॥