পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অসমীয়া সাহিত্যৰ চানেকি।

নমো নৰ নাৰায়ণ দেবী সৰস্বতী।
ৰাজ বংশাৱলী পদ ৰচিবোঁ সম্প্ৰতি॥
পদ ৰচনাত যদি হৱয় দুষণ।
হৰিৰ স্মৰণে হৌক দোষ বিমোচন॥

হৰিক স্মৰণে অবাক্যকো শুদ্ধ কৰে।
ৰঙ্গ মনে মহন্তেও সদাই আদৰে॥
কামৰূপে যত ৰাজা হুইছে উতপন।
তাসম্বাৰ চৰিত্ৰক কৰোহোঁ বৰ্ণন॥

প্ৰথমে ব্ৰহ্মাৰ পুত্ৰ সম্বৰ অসুৰ।
ৰঙ্গামাটি নামে তৈতে বান্ধিলন্ত পুৰ॥
তাত পাচে মহীৰঙ্গ দানবৰ ৰাই।
বেলতলা থানে পাত কৰি ৰৈলা যাই॥

তাহাৰ নন্দন ভৈলা ঘটকা অসুৰ।
শৰণীয়া পৰ্ব্বতত বান্ধিলন্ত পুৰ॥
তান্ত হন্তে হাটকা অসুৰ জাত ভৈলা।
নৰক অসুৰে হাটকক সংহাৰিলা॥

নৰকৰ পুত্ৰ ভগদত্ত নাম ভৈলা।
তাৰ পৰা ধৰ্ম্মপাল কোমৰ জন্মিলা।
তান পুত্ৰ ৰত্নপাল নামে নৰপতি।
তাহাৰ তনয় সোমপাল মহামতি॥

কামপাল নামে সোমপালৰ নন্দন।
পৃথুপাল ভৈলা তান্ত হন্তে উতপন॥
এহি মতে উনবিংশ পীড়ি নৰকৰ।
ৰাজা হুয়া পৃথিবী ভুঞ্জিলা নিৰন্তৰ॥