সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
দৰঙ্গৰাজবংশাৱলী ৷

ব্ৰহ্মাণ্ডৰ বিভূতি ভৈলেক একঠাই।
যতেক ঐশ্বৰ্য্য ভৈলা লেখা জোখা নাই॥
নাহি দণ্ডবাদ প্ৰজা আনন্দে বঞ্ছয়।
দেশতো ভৈলন্ত লক্ষ্মী অক্ষয় অব্যয়॥

অষ্টাদশ মন্দিৰ সজাইলা ভাল মতে।
জনে জনে ভাৰ্য্যা সব থৈলন্ত তহিতে॥
পৰম আনন্দে কতিপয় দিন আছে।
পুষ্পোৎসৱ বিবাহ কৰাইলা তাত পাচে॥

গৰ্ভাধান কৰিলন্ত সমস্তে ভাৰ্য্যাত।
পাচে দশ মাসে সমস্তৰে পুত্ৰ জাত॥
ৰত্নকান্তি ভাৰ্য্যা হন্তে যিতো পুত্ৰ ভৈলা।
দৈবজ্ঞে গণিয়া নৰসিংহ নাম থৈলা॥২৪০॥

হেমপ্ৰভা হন্তে যিতো পুত্ৰ উতপন।
গণিয়া দিলন্ত নাম নৰনাৰায়ণ॥
পদ্মাবতী হন্তে যিতো পুত্ৰ উতপতি।
তান নাম শুক্লধ্বজ থৈলন্ত সম্প্ৰতি॥

চন্দ্ৰকান্তি পুত্ৰ যিহত আতি সুকোমল।
তাহান থৈলন্ত নাম গোহাঁই কমল॥
পুৰ্ণকান্তি পুত্ৰ যিতো পৰম প্ৰধান।
তাহাঙ্ক গণিয়া নাম থৈলন্ত ময়দান॥

হেমকান্তি হন্তে যিতো পুত্ৰ জাত ভৈলা।
তুলাৰাশি হেতু ৰামচন্দ্ৰ নাম থৈলা॥
ৰতি হন্তে যিতো পুত্ৰ পৰম বীৰিঙ্গ।
কুন্ত ৰাশি পদে নাম থৈলা সুৰসিংহ॥