পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
অসমীয়া সাহিত্যৰ চানেকি ৷

তিলোত্তমা গৰ্ভ হন্তে যিতো পুত্ৰ জাত।
মানসিংহ নাম থৈলা জগতে প্ৰখ্যাত॥
চন্দ্ৰা ভাৰ্য্যা হন্তে যিতো পুত্ৰ উপজিল।
সিংহ ৰাশি হেতু তান মেচা নাম দিল॥

চন্দ্ৰাননা হন্তে জন্ম ভৈলা পুত্ৰ যিতো।
গণিয়া পঢ়িয়া নাম গৈলা বৃষকেতু॥
জয়া ভাৰ্য্যা হন্তে যিতো পুত্ৰ উতপন।
তাহান থৈলন্ত নাম ৰাম নাৰায়ণ॥

বিজয়া ভাৰ্য্যাৰ গৰ্ভে যি পুত্ৰ ভৈলন্ত।
পণ্ডিত সকলে নাম অনন্ত থৈলন্ত॥
জয়ন্তী মহিষী হন্তে ভৈলা যিতো সুত।
দীপসিংহ তান নাম থৈলন্ত প্ৰস্তুত॥

ললিতা বনিতা হন্তে যিজন কুমৰ।
দৈবজ্ঞ সকলে নাম থৈলা হেমধৰ॥
লাৱণ্যবতীৰ গৰ্ভে যি পুত্ৰ শোভন।
তাহান থৈলন্ত নাম মেঘ নাৰায়ণ॥

পদ্মমালা হন্তে যিতো তনয় বেকত।
গণিয়া তাহান নাম থৈলন্ত জগত॥
শতৰূপা হন্তে পুত্ৰ যিজন জন্মিলা।
মঙ্গল পূৰ্ব্বকে ৰূপচাঁদ নাম দিলা॥

কাঞ্চনমালিনী গৰ্ভে যিতো পুত্ৰ ভৈল।
মঙ্গল কৰিয়া তান নাম সূৰ্য্য থৈল॥
একদিন বিশ্বসিংহ ৰাজা গুণে মনে।
কাহাক পাতিবোঁ ৰাজা হৈব কোন জনে॥