পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
অসমীয়া সাহিত্যৰ চানেকি ৷

হেমপ্ৰভা পদ্মাৱতী দুই বৰনাৰী।
গৌড় দেশ মধ্যে তাঙ্ক পাইলন্ত বিচাৰি॥
চন্দ্ৰকান্তি পূৰ্ণকান্তি হেমকান্তি ৰতি।
কামৰূপে চাৰি কন্যা পাইলা মহাসতী॥

কাশ্মীৰ দেশত পাইলা তিলোত্তমা নাম।
পৰম সুন্দৰী সৰ্ব্বগুণে অনুপাম॥
চন্দ্ৰ চন্দ্ৰাননা জয়া বিজয়া জয়ন্তী।
কাশী দেশে পাইলা পাঞ্চ কন্যা ৰূপৱন্তী॥

ললিতা লাৱণ্যবতী নামে পদ্মমালা।
শোণিতপুৰত তিনি কন্যা পাইলা ভালা॥
শতৰূপা কাঞ্চনমালিনী কন্যা দুই।
দৰ্শন মাত্ৰকে মহাজনো মোহ যাই॥

মিথিলাত দুই কন্যা পাইলন্ত বিচাৰি।
পৰম ৰূপসী দুই যেন বিদ্যাধৰী॥
বাসৰ সাজাইয়া আনি থৈলা ভিনে ভিনে।
সমস্তকে বিহা কৰাইলন্ত একে দিনে॥

গন্ধৰ্ব্ব বিবাহে বিহা কৰাইলা সাক্ষাত।
নৃত্য গীত বাদ্য ভণ্ড বজাই অসংখ্যাত॥
ব্ৰাহ্মণ দৈবজ্ঞ সন্ত মহন্ত যতেক।
দানে মানে সমস্তকে তুষিলা প্ৰত্যেক॥

দুঃখী ভিখী দেশান্তৰী ব্ৰহ্মচাৰীগণ।
অদৰিদ্ৰ কৰি সমস্তকে দিলা দান॥
বস্ত্ৰ অলঙ্কাৰ দান দিলা ভাল মত।
তাসম্বাক নেলেথিলোঁ সংক্ষেপ পদত॥