অমাৱস্যা তিথি মধ্যৰাত্ৰি সময়ত।
ৰণ কৰিবাক প্ৰতি সঙ্কল্প মনত॥
মন্ত্ৰ জপি ধ্যান কৰি চক্ষু মুদি ৰৈলা।
নিজৰূপে মহাকালী উপস্থিত ভৈলা॥
মহাকালী বোলে পুত্ৰ শুনিয়া বচন।
ৰণ এড়ি বিবাহ কৰিতে কৰা মন॥
মোৰ বৰে অষ্টাদশ পুত্ৰ হৈব জাত।
মহাবলবন্ত সধে জগত প্ৰখ্যাত॥
তঞি ৰণ কৰিতে লাগয় কোন গুণি।
তযু পুত্ৰগণে সবে জিনিব ধৰণী॥
মহাকালী বাক্য শুনি পাচে নৰেশ্বৰ।
ভকতি প্ৰণতি তুতি কৰিলা বিস্তৰ॥
দণ্ডৱতে পৰি নমস্কাৰ কৰিলন্ত।
পূজা কৰি বলিদান অসংখ্য দিলন্ত॥
পৰম সন্তোষে কালী কৈলাসক গৈলা।
আত অনন্তৰে শুনা যেন কথা ভৈলা॥
একদিনা পাত্ৰ মন্ত্ৰী সবাকে চপাই।
আজ্ঞা কৰিলন্ত দিব্য সভা মাঝে যাই॥
বোলে পাত্ৰ মন্ত্ৰীলোক শুনিয়ো বচন।
বিচাৰি আনিয়ো কন্যা বত্ৰিশ লক্ষণ॥২৩০॥
ৰাজাৰ আদেশ সবে কৰি শিৰোগত।
বিচাৰ কৰিতে গৈলা সমস্তে ৰাজ্যত॥
নেপাল দেশত ৰত্নকান্তি নামে কন্যা।
পৰম সুন্দৰী তেহে ৰূপে গুণে ধন্যা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
দৰঙ্গৰাজবংশাৱলী