পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
অসমৰ উন্নতি।

সাধিব পাৰিব বুলি মনে ধৰে নে? যি আৰ্য্যজাতিৰ পৱিত্ৰ ধৰ্ম্ম পৃথিবীৰ সকলো জাতিৰ ধৰ্ম্মৰ গুৰি বুলি কলেও বঢ়া কথা কোৱা নহয়, তেনে উদাৰ আৰু পৱিত্ৰ ধৰ্ম্মক অসমৰ গোসাই আৰু মহন্ত সকলে কুসংস্কাৰ বোকাৰে লেটিপেটি কৰি পেলাইছে। ধৰ্ম্ম শিক্ষা দিয়া গুৰুবিলাকেই হৈছে জাতিৰ নেতা। ভাল মাক বাপেকৰ হাতত যেনেকৈ লৰা ছোৱালীৰ ভবিষ্যত জীৱনৰ ভালৰ আৰ্হি হৈ পৰে শিক্ষিত, বিজ্ঞ, স্বাৰ্থহীন, ঈশ্বৰ বিশ্বাসী, ধাৰ্ম্মিক ধৰ্ম্ম শিক্ষকবিলাকৰ দ্বাৰাও জাতিৰ জাতীয় জীৱন তেনেদৰে পৱিত্ৰ ভাৰৰ চানেকি হৈ পৰে।

 জাতিৰ নেতাবিলাক মানৱ জাতিৰ সেৱক। গৰখীয়াই যেনেকৈ গৰুজাক বিপথে যাবলৈ নিদিবৰ নিমিত্তে সদায চেষ্টা কৰি থাকে, মানব জাতিৰ নেতায়ো মনুষ্য সমাজ যাতে কুপথগামী নহয় তাৰেহে যত্ন কৰে। দেখা যায়, পৃথিবীত যিমান সভ্যজাতি আছে, প্ৰত্যেক জাতিৰেই ধাৰ্ম্মিক শ্ৰেণীৰ মানুহে নিজৰ জীৱন উৎসৰ্গ কৰি মানুহৰ কল্যাণৰ নিমিত্তে চেষ্টা কৰিব লাগিছে। পাঠক, আপুনি যদি কলিকতালৈ আহি এবাৰ মুক্তিফৌজ (Salvation army) দেখিছে- হি, তেনেহলে আপুনি কেনে আচৰিত মানিছে, এবাৰ চিন্তা কবি চাওক। দেখক কেনে শুৱনি শুৱনি ইউৰোপ বাসী ডেকাবিলাকে সংসাৰৰ সকলো সুখকেই বিসৰ্জন দি নিজ ধৰ্ম্মৰ বিশ্বাস মতে মানুহৰ কল্যাণ সাধিবলৈ জ্বলন্ত দৃষ্টান্ত দেখুৱাইছেহি। যি ইংৰাজ বা ইউৰোপীয় জাতিয়ে জোটা, মোজা, কোট, ঠেঙ্গা নহলে থাকিব নোৱাৰে, তেনে জাতিৰ ডেকাবিলাকে গেৰুৱা চেলেং, চুৰিয়া পিন্ধি সন্ন্যাসীৰ বেশে বাটে বাটে মানুহক সজ বাটলৈ আনিব নিমিত্তে চেষ্টা কৰি ফুৰিছে। ইয়াতকৈও আচৰিত কথা এই যে দুজনীমান পৰমা সুন্দৰী গাভৰু ছোৱালীও এই মুক্তি ফৌজৰ দলভুক্ত হৈ গেৰুৱা শাড়ী পিন্ধি সন্ন্যাসিনী বেশ ধৰি মানুহ জাতি যে মানুহ জাতিৰ নিমিত্তে জম্মে, এই কথাটোৰ স্বৰ্গীয় ভাৰৰ দৃষ্টান্ত দেখুৱাইছেহি। ধন্য! ধন্য! এনে মানুহেই স্বৰ্গৰ দেৱতা। আমাৰ অসমৰ ধৰম শিকোৱা গোসাঁই মহন্ত সকললৈ পাঠক এবাৰ মন কৰক। আন আন দেশব ধৰ্ম্মশিক্ষক বিলাকে অপোনতিয়াগী হৈ পৰৰ কল্যাণ সাধে। অসমৰ গোসাঁইবিলাকে যিমান পাৰে সিমান মিছা, ভণ্ডামী দেখায় শিষ্যৰ পৰা কিলাই টঙ্গনিয়াই নিজস্বাৰ্থ সাধন কৰে। গোঁসাই মহন্ত সকলে যেতিয়া শিষ্যৰ গাওঁ ফুৰিবলৈ আহে, শিষ্যক যি সোপা ধৰ্ম্মজ্ঞান শিক্ষা দিয়ে তাক সকলোৰে জনা আছে। কাৰ মাক বাপেক মৰোঁতে গুৰুঘৰীয়া দান মেধিৰ হাতত দিবলৈ বাকী আছে, কাৰ বিয়া পাতোঁতে খনিয়া কাপড় আদি দক্ষিণা দিয়া হোৱা নাই, কাৰ ঘৰত ফুলা গৰু আছে, আৰু কাৰ