পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
অসমীয়া সাহিত্যৰ চানেকি

বেয়াক পেলাই দিবা। সভ্য জাতিৰ নাচ, গান আৰু অসমৰ বিহু দুইকো কল্পনাৰে দুজনী ছোৱালী সাজি চকুৰ আগত থিয় কৰিলে দেখা যায় যে, আগৰ জনীয়ে যেন সুন্দৰ কাপোড় কানি আৰু অলঙ্কাৰ পিন্ধি, কাণত মিঠা লগা গীত গাই থিৰ ভাৱেৰে নাচিছে। শেহৰ জনী ( বিহুৱে ) কুৰূপা আৰু নাঙ্গঠ হৈ দেওদি ফুৰিছে। সঁচাকৈয়ে বিহুত যেনে নিলাজ কথা বোৰ বকে, শুনিলেই কাণত হাত দি শ্ৰীবিষ্ণু সুঁৱৰি পলাব লাগে। এই বিলাক অসভ্য কাণ্ড আমাৰ বৰ লাজ অপমানৰ কথা। নিলাজ কথা বিলাকে যে, কিমান কু অভ্যাস বঢ়াব পাৰে, তাক লেখিবলৈ গলে ওৰ নপৰে। পাঁচ ছই বছৰীয়া গাওঁলীয়া লৰাবিলাকৰ মুখতে বিহুৰ গীত, নিলাজ কথা শুনা যায়। পাঠক, এনে জাতিৰ চৰিত্ৰলৈ এবাৰ মন কৰা। চৰিত্ৰ জাতীয় জীৱনৰ আন আন সজুলিবিলাকৰ ভিতৰত এটি প্ৰধান বস্তু। স্কুলৰ ছাত্ৰবিলাকক বিহুৱে বৰ অনিষ্ট কৰিছে। অধ্যাপক সকলে যেন তালৈকে এবাৰ মনযোগ দিয়ে। অসম স্বাধীন থাকোতে বিহুৰ দ্বাৰাই অপকাৰ নহব পাৰিছিল, কাৰণ তেতিয়া সমাজ বান্ধ আৰু ৰাজদঁড় এনে কটকটীয়া আছিল যে কোনো এটাৰে সৈতে কোনো এজনীৰ বাদ অপবাদ উঠিলেই সমাজে আৰু ৰজাই বৰ টানকৈ দঁড়িছিল। সেই বাবে তেতিয়াৰ দিনত বিহু যদিও নিলাজ কাম, তথাপি এক প্ৰকাৰ নিৰ্দোষী আমোদ আছিল। ইংৰাজ গবৰ্ণমেণ্টৰ দিনত সকলে নিজ ইচ্ছাৰ কথা। তাতে অসমত বিদেশী মানুহ বিলাক বেছিকৈ সোমোৱাত বিহু দিনৌ দিনৌ এটা অনিষ্টৰ ঘৰ হৈ উঠিছে। শিক্ষিত ভাই সকল, বিহুৰ সলনি উপকাৰী ধেমালি এটী সুমুৱাই, বিহুক সোনকালে আঁতৰাবৰ চেষ্টা কৰা।

 ধৰ্ম্ম বলেৰে বলী নোহোৱাকৈ পৃথিবীত আজিলৈকে কোনো জাতি সভ্য, উন্নত, আৰু প্ৰতাপী হব পৰা নাই যে পৃথিবীৰ বুৰঞ্জীয়ে তাৰ সাখী। মূল কথা, অসমৰ গুৰি ধৰ্ম্মেৰে শকতকৈ বন্ধোৱা নহলে অসমীয়া মানুহে যে জাতীয়তা ৰক্ষা কৰি পৃথিবীত আন সভ্য জাতিৰ লগত উধাব পাৰিব এনে মনে নধৰে বুলি সকলো কৃতবিদ্য চিন্তাশীল লোকে স্বীকাৰ কৰিব। অসমীয়াৰ ধৰ্ম্ম কি, এই কথাটো পৰ্যালোচনা কৰিবলৈ যাওঁতে বিবেকে মাত লগাই কলে যে “একো নাই”। বাস্তৱিকেই ভাবি চাবলৈ গলে অসমৰ কুসংস্কাৰ বিলাক এৰি একো ধৰ্ম্মই নাই। শ্ৰীযুত সোণাৰ চাঁদ ডেকা বৰুৱাৰ "বাহিৰে ৰংচং ভিতৰে কোৱা ভাতুৰী” পুথিয়েই হে অসমৰ বেদ বা ধৰ্ম্ম শাস্ত্ৰ। ঈশ্বৰত পিতৃত্ব আৰু মানুহত ভাতৃত্ব (Fatherhood of God and brotherhood of mankind) ভাব যি জাতিৰ ধৰ্ম্মই স্থাপন কৰিবলৈ শিক্ষা দিয়া নাই, সেই জাতিয়ে কেতিয়াবা একতা লাভ কৰি উন্নতি