সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৮
অসমীয়া সাহিত্যৰ চানেকি।

কেনেকৈ মিছাই সঁচাই দায় ছিদ্র উলিয়াব পাৰি ইয়াৰেইহে তেওঁলােকে বিচাৰ কৰেহি। এনে অর্থ-পিশাচ ধৰ্ম্ম-শিক্ষকৰ দ্বাৰাই কোন দেশে কেতিয়া পৃথিবীত উন্নতি সাধিব পাৰিছে ? ইশ্ৰায়েল হঁতৰ (Israelites) ধর্মগুৰুবিলাকৰ অত্যাচাৰ যিশুখ্রীষ্টৰ তেজৰ বিন্দুৱে যদি খৰ্ব্ব নকৰিলেহেঁতেন, তেন্তে পৰপােকাৰী, ধর্ম্মপ্রাণ, আৰু প্ৰৱল প্ৰতাপী কোটী কোটী নৰ নাৰী জন্ম গ্রহণ কৰি পৃথিবীত আজি অতি সভ্য জাতি বুলি পৰিচয় দিব নােৱাৰিলে হেঁতেন। চাৰিও পিনে বিপদৰ বজ্রধ্বনি তুচ্ছ কৰি কোৰেছহঁতৰ গোঁসাই মহন্ত সকলৰ অহঙ্কাৰ যি দিন মহম্মদে মাটি কৰিলে, সেই দিনাই মছলমানজাতিৰ প্ৰতাপত পৃথিবী কঁপিবলৈ ধৰিলে।

 ধর্মগুৰুবিলাকৰ অন্যায় অত্যাচাৰে অসমীয়াক ভীৰু হবলৈ মাথােন শিক্ষা দিয়ে। মানুহে মানুহক যিমান ঘিণ কৰিব পৰা হব পাৰে, গোসাঁইসকলৰ উপদেশে তাকেইহে শিক্ষা দিয়ে। দিনত কুৰিবাৰ গা ধােৱা বাৰে বাৰে ধুতি কাপােৰ (সিও ধৌত নহয়, মলি জুখিলে এমোন মান ওলাব ) সলােৱা; আৰু কাৰো হাতে কেও কটা তামােল এখান নােখােৱা ; হুঁটা চাউল, গাজি মাহ, গুৰেৰে সানি বন্ধ এধাখুন্দাৰ মিঠৈৰ সবাহ কৰা ; ঈশ্বৰ-বিশ্বাস, ভক্তি, প্রেম, কি তাৰ বুজ নােহোৱাকৈ “ৰাম কৃষ্ণ গােপাল ঔ জয় হৰি কৃপাল,” আৰু এই মাহ, চাউল, মিঠৈবিলাকৰ দন্দ-কিলা-কিলি কৰা, এই বিলাকেইহে অসমৰ গোঁসাই মহন্ত সকলে শিষ্যক ধৰ্ম্ম বুলি শিকায়। পাঠক! এই হুঁটা চাউল, গাজি মাহ, আৰু এধা খুন্দা পিঠা গুড়িৰ মিঠৈৰ অশেষ গুণ ! অসমত মাউৰত মানুহ মৰাৰ গাজি মাহ আৰু মিঠৈও এটা প্রধান কাৰণ। কোনো এখন ওচৰৰ গাঁওত কেনেবাকৈ পেট বৈ এটা বা দুটা মানুহ মৰিলেই চাৰিও ফালে মানুহে বসবাহ পাতি মাহ-চাউল মিঠৈ পেটত খুন্দিবলৈ ধৰে, আৰু টোপনি খতি কৰি দুপৰ নিশালৈকে নাম ধৰি এধা খুন্দাৰ মিঠৈ আৰু মাহ চাউলৰ অন্ত কৰে। মাউৰেও দূৰতে গােন্ধ পাই মাহ চাউল মিঠৈৰ লােভ ওচৰ চাপি মানুহৰ হাতৰ পৰা কঢ়াকঢ়িকৈ খালে ভােক মুগুচে বুলি একেবাৰে পেটত সােমাই খাবলৈ ধৰে। শিক্ষিত ডেকা সকল, আজি কালিৰ নিচিনা গোঁসাই প্রথা ধ্বংশ নহলে অসমৰ উন্নতি আশা কৰা বিফল। ঈশ্বৰত বিশ্বাস প্রেম, আৰু ভক্তি, মানুহৰ হৃদয়ত গজিলেই মানুহে কেতিয়াও মানুহক ঘিণ নকৰে। তেতিয়া মানুহ জাতিয়ে ইটে সিটোক সহানুভুতি নকৰাকৈ কেতিয়াও থাকিব নােৱাৰে। আৰু তেতিয়া মানব জাতি সাম্য, মৈত্রী, স্বাধীনতা