সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৫
অসমৰ উন্নতি।

শিক্ষা দিয়ে। ধাৰ্ম্মিক হোজা, চহা, গাও লীয়া মানুহ এটী বিশ্ববিদ্যালযৰ ওখ মহলাত উঠা বেয়া চৰিত্ৰৰ অধৰমী ডাঙ্গৰীয়া এজনতকৈ হেজাৰৰ গুণে জ্ঞানী আৰু শিক্ষিত। আমাৰ অসমৰ ধৰ্ম্মৰ গুড়ি আজি কালি বৰ হেলেকা হৈছে, সাধুলোক কেইজন মানে টান কৰিবৰ চেষ্টা কৰক। অসমক চৰিত্ৰৰ বিষয় বৰ দুৰ্ব্বল বুলি কলে বিবেচনা কৰে। মোক দেশী ভাই সকলে দায় নধৰিব। বিহু এটা আমাৰ বৰ বেয়া সংস্কাৰ আছে। পৈতৃক সংস্কাৰ বুলি বেয়া বিলাকক ৰখা কোনো মতে বিধি নহয। বেযাক ধ্বংশ কৰি তাৰ শুদা ঠাইত ভাল সুমুৱাহে উচিত। যিবোৰ সংস্কাৰ বা অভ্যাসে আমাৰ জাতীয চৰিত্ৰ বা জীৱনক কলঙ্কিত কৰে, সেই বিলাক বৰ অপকাৰী, তাক গুচাবলৈ শিক্ষিত সকলে প্ৰাণ পৰিশ্ৰমে যতন কৰা। বিহুৰ ছবিটো আঁকি এবাৰ চকুৰ আগত উলিয়ালে কেনে নাক কটাব সমান লাজে ধৰে, শিক্ষিত ডেকা সকল এবাৰ ভাবি চোৱাচোন। বিদেশী বিলাকে বিহু দেখি আমাক বৰ নিন্দা কৰে। আৰু অসমৰ তিৰোতাৰ সতীত্বৰ বিষয় তেওলোকে সঁজাত নেমানে। স্বৰূপকৈযে মানুহে ঘাইকৈ বাহিৰটোহে চায। শিক্ষিত ডেকা সকল, এই কু অভ্যাস থকাৰ বাবে তোমালোকে জগৰীয়া নোহোৱানে, জাতি সমাজৰ পৰা কু অভ্যাস আৰু আচৰণ বিলাক গুচালেই জাতিক প্ৰকৃত শিক্ষা দিয়া হল। ওপৰে ওপৰে হেজাৰ লেখা পঢ়া শিকাক শিক্ষা নোবেলে। লেখা পঢ়া শিকিলেই যে কু অভ্যাস মানুহে এড়িব পাৰে এনে নহয।

 কোনো মানুহৰ মুখে শুনো যে বিহু গুচাব নেলাগে, ই আমাৰ স্বাভাৱিক আমোদ। সকলো জাতিৰ ভিতৰতেই এনে বিধ ৰঙ্গ ধেমালি আছে। যি জাতিৰ ৰঙ্গ ধেমালি নাই সেই জাতি নীৰস। ৰঙ্গ ধেমালি আমাক নেলাগে বুলি মই নকওঁ। কিন্তু যি ৰঙ্গ ধেমালিৰ পৰা অপকাৰ তেনে ৰঙ্গ ধেমালিক দলিয়াই পেলোৱা যুগুত। যদি সোধা বিহুৰ পৰা আমাৰ কি অপকাৰ আছে? ইংৰাজৰ নিচিনা সভ্য জাতিৰ ভিতৰতো নিলাজ ৰঙ্গ ধেমালি আছে। যি জাতিত ৰসিকতা নাই সেই জাতি সজীৱ নহয়। অৱশ্য ইংৰাজৰ ভিতৰত নিলাজ ৰঙ্গ ধেমালি থাকিব পাৰে, কিন্তু বিহুৰ দৰে কুৎসি আকাৰৰ নহয়। ৰসিকতাক নিৰ্দ্দোষী ভাৱেৰে থাকিবলৈ ঠাই দিলে জীৱনক সজীৱ কৰি ৰাখে। এটাই কথাৰেই সীমা আছে, সীমাৰ বাজ হৈ যিহকেই যাবলৈ দিয়া যায় তাৰ দ্বাৰাই অপকাৰহে হয়। বিশেষকৈ মনক লোভৰ ফাললৈ টানি নিয়া কথা বিলাকৰ বান্ধ যিমান টান কৰিব পাৰি তিমান উপকাৰহে। ইংৰাজৰ বা আনৰ বেয়া এটা থকা দেখি যে, আমাৰ বেয়াটো ৰাখিবলৈ সেইয়েই হাইকোৰ্ট নজীৰৰ দৰে হল এনে নহয়। ভালক সকলো জাতিৰে পৰা বুটলী লবা,