পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

A BJP। 11212 iAHAR c০LL£6 M As. এ - কমলাকান্ত ভাৰ্য। অসমৰ উন্নতি। শিতানত আঁকা প্ৰৱন্ধটি আজি আপোন দেশী ভাই সকলৰ ওচৰত আলচ পাতি চাও। “অসমৰ উন্নতি” এই কথাষাৰি এবাৰ উশাহ নিশাহত অনা নিয়া কৰোঁতেই ওৰ পৰে। চিন্তাৰ বাটত হতাশে টানকৈ হেঙ্গাৰ মাৰি আগচি ধৰে। শিক্ষিত ভাই বিলাকৰ ভিতৰত প্ৰায় যাৰে সৈতেই এই কথাৰ আলচ পতা যায়, মুখৰ পৰা ইয়াকেইহে শুনোহঁক যে “মানুহ তাকৰীয়া, ধন নোহোৱা অসমে কেনেকৈ উন্নতি সাধিব।” এই কথা দুটি কিমান সাৰুৱ তাক এবাৰ দকৈ সমালোচনা কৰে।। অতিজৰে পৰা পৃথিবীৰ বুৰঞ্জী চালে দেখিমক যে উন্নতি জখলাৰ খাপে ধাপে উঠি যিবোৰ জাতিয়ে সভ্য আৰু পৰাক্ৰমি বুলি চিনাকি দিছে, সৰহ ভাগ প্ৰায় মানুহতাকৰীয়া জাতিৰ ভিতৰৰহে। আৰ্যবিলাকে যেতিয়া পঞ্চনদৰ পাৰত আহি বসতি পাতিছিলহি, তেতিয়া তেওঁবিলাকৰ মানুহ কিমান আছিল? বেবিলন, নিনেভ, কাৰ্থেজ, মিছৰে অগাপিছাকৈ যেতিয়া পৃথিবীক পোহৰ কৰিছিল, তেতিয়া সিহঁতৰ মানুহ তাকৰ আছিল বুলি কলে কোনো অমান্তি নহব। প্ৰৱল প্ৰতাপী গ্ৰীছে যিদিনা ধৰণি কঁপাইছিল সেই দিন। সিহঁতৰ লোকসংখ্যা বেচি নাছিল। ইউৰোপৰ সভ্যতাৰ আৰ্হি, জিকাৰু ৰমুৱা ৰোমানহঁতে ইতালীৰ পৰ্বতৰ টিঙ্গত পোনতে কোঠ পাতেতে, সিহঁতৰ মানুহ তিনি হেজাৰ মান আছিল বুলিহে বুৰঞ্জীত দেখা যায়। দৰাচলতে আজি কালিও দেখিছোঁক যে লোক সংখ্যা কম থকা মানুহেইহে সভ্য আৰু উন্নত হব পাৰিছে। মহাদেশ আচিয়াৰ লোক সংখ্যাৰে সৈতে ইউৰপৰ লোকসংখ্যা তুলনা কৰি চালে সিকি এটাৰ মানুহহে ইউৰোপত বে। কোমল বয়সীয়া জাপানৰ লোকসংখ্যা, মানুহেৰে ভৰা প্ৰাচীন চীনেৰে সৈতে যিজালে জাপান কতবাত থাকেগৈ। ইংলণ্ডক ৰুচিয়াৰ মানুহৰ লেখৰে সৈতে বিজাব নোৱাৰি। এই দৰে পুৰণি কালৰে পৰা বুৰঞ্জী বিলাকে দেখুৱাই যে, চেক্সন, নৰমান যেতিয়াই যি জাতি উঠিছিল, পোনতে জনসংখ্যা কম আছিল। পৰ্তুগাল এদিন ইউৰোপৰ ভিতৰত প্ৰধান ক্ষমতাশালী আছিল। কিন্তু তাৰ জন