পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ উন্নতি। ৩১৯ সংখ্যা প্ৰায় অসমৰ সমানহে হব। এই বিলাক কথা পিটিকি চাই পৃথিবীত সৰীয়া মানুহ থকা জাতিতকৈ কম জনসংখ্যাৰ জাতিয়ে উন্নতি কৰিব পাৰে যে, বাস্তৱিক সা বুলি মানিব লগীয়া। গা ডাঙ্গৰ মানুহৰ দৰে মানুহ সৰহীয়া জাতিয়েই উন্নতি বাটত লৰিব নোৱাৰি পিছ পৰে। বহল, দীঘল ২৮ কোটী মানুহ থকা ভাৰত ৰাজ্য খানক, সাগৰৰ দ্বীপ এটাৰ তিনিকেটী পঞ্চাশ লাখ মানুহেই তলতীয়া কৰি ৰাখিছে। সিহঁ ৰ বল, বীৰ্য, পৰাক্ৰম দেখি আমি তধা লাগি চাই আছে। এতেকে তাকৰীয়া মানুহ একো কথাৰ কথা নহয়। “যোগ্য-ভোগ্যা বসুন্ধৰা।” যোগ্যতা- ইহে সাৰ কথা। ইউৰোপৰ সজাৰলাও দেশখান অসমতকৈ অনেক গুণে সৰু আৰু তাৰ জনসংখ্যাও অসমৰে সৈতে প্ৰায় সমানহে হব। আৰু সেই দেশ উন্নতিৰ পক্ষেও ইউৰোপৰ আন আন দেশৰ পিছত পৰি থকা নহয়, বৰঞ্চ সেই দেশ সুখী বুলিহে কোৱা শুনো। তেনেহলে যোগ্যতাইহে অচল কথা। কোনো দেশৰ জাতিয়েই পোনতে ধনী নাছিল। আৰ্য্য বিলাকে। এসময়ত গৰখীয়া আৰু চহা আছিল। জ্ঞানৰ আলোচনা কৰি ২ শেহত তেওঁবিলাক উচ্চ জাতি হৈ পৰিল। অসম দেশৰ ধন নাই বুলি ভাবি চিন্তি উন্নতিলৈ পিঠি দি বহি থকা আমাৰ যুগুত নে? ইয়াক আমাৰ কানি ৰাগিৰ দোষ নুবুলি কি বুলিম? অৱশ্যে ভাৰতত আন আন প্ৰদেশত যেনে ধনী মানুহ আছে অসমত তেনে নাইকিয়া বুলি মানিব লগীয়া। কিন্তু মানুহৰ অৱস্থাৰে সৈতে মিলাই চ'লে ভাৰতবসত আন আন দেশৰ মানুহতকৈ অসমীয়া ৰায়ত বৰ সুখী বুলি দেশ-দেখা মানুহে কয়। আন কি কোনো কোনো ৰাজ চলোৱা ডাঙ্গব ডাঙ্গৰ হাকিম বিলাকৰ মুখতো তেনে কথা শুনোহঁক। ইয়াৰ কাৰণ আন একো নাই, অসমীয়া মানুহৰ কেৱল একাল ভৰাল নোহোৱা কথাটিকেইহে ধৰিম। অসমীয়া মানুহক যি অৰ্থেবে সুখী বুলি ধৰিম, নগা, ডফালাকননা তাতকৈ বেছি সুখী নোবেলে। কিয়? উন্নতিৰ অৰ্থ যি জাতিয়ে বুজ নেপায়, সেই জাতিৰ অৱশ্যে একালো নাই ভালো নাই। উন্নতি যদি মানুহৰ লাগতিয়াল বুলি ধৰা নেযায়, তেন্তে মানুহ আৰু পশুৰ একো প্ৰভেদ নাই বুলি কৈ বহি থাকিব লাগে। প্ৰসিদ্ধ দাৰ্শনিক বিলাকে কয় যে, কোনো জাতিৰ উন্নতি নেথাকিলে ধ্বংশ চমু চাপে। সঁচাকৈয়ে আমিও পুৰাণ দি পাঠ কৰি জানিব পাৰোহঁক যে একেদৰে অসভ্যাৱস্থাত থকা অনেক অসভ্য জাতি আজি কালি আৰু দেখিবলৈ নাইকিয়া হল। | ভাৰতবৰ্ষৰ আন আন দেশৰ বায়ততকৈ অসমীয়া মানুহ সুখে থকাৰ মূল কাৰণ, অসমৰ মাটি বৰ সাৰুৱা, আৰু মানুহুতকৈ মাটি অনেক গুণে সৰহ। অসমীয়া