পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৭
অসমীয়া সাতকাণ্ড ৰামায়ণ।

 (৫) ৰামায়ণ ভিন্ন মাধৱকন্দলীৰ ৰচিত “দেবজিৎ” নামে এখনি পুথিও দেখিবলৈ পাইছোঁ। কোনো কোনো লেখকে এই পুথি খনি লিখাৰ শক ১৪৯২ বুলি লেখিছে। কিন্তু এইটি সম্পূৰ্ণ ভুল। কাৰণ শঙ্কৰদেৱ ১৩৭১ শকত জন্ম গ্ৰহণ কৰি ১৪৯০ শকত লোকান্তৰ হয়, আৰু তেওঁৰ পূৰ্ব্ব কৰি মাধব কন্দলী হোৱা বুলি শঙ্কৰদেৱে নিজে লিখি গৈছে। এনে স্থলত তেওঁৰ দুই বছৰৰ পিছত “দেৱজিৎ” মাধৱ কন্দলীৰ দ্বাৰাই ৰচিত হোৱা কথাটী যুক্তি যুক্ত নহয়। বোধকৰোঁ লেখকে নকল কৰা শক দিছিল। সেইটিকে মূল শক বুলি ধৰিছে।