পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১৬ অসমীয়া সাহিত্যৰ চানেকি। অসমীয়া ভাষাত পদবন্ধে ৰচিত হয়। আৰু বাকী ৫ কাণ্ড অযোধ্যা, অৰণ্য, কিষ্কিন্ধা, সুন্দৰা আৰু লঙ্কাকাণ্ড মাধৱ কন্দলীৰ থাকে। শঙ্কৰদেৱে উত্তৰা- কাণ্ডত দিয়া ভাঙ্গনি দ্বাৰাই দেখা গৈছে যে, মাধৱকন্দলীৰ সময়ত ৰাজ্যত কোনো উপদ্ৰব নাছিল। পিছত কছাৰি ৰজাক নওঁগাওৰ পৰা খেদি পঠোৱাত ৰাজ্য বিপ্লব হয়। আৰু সেই বিপ্লবত মাধৱকন্দলীৰ হাতে লিখা আদি কাণ্ড আৰু উত্তৰা কাণ্ড নষ্ট হয়, কেবল বাকী ৫ কাণ্ড থাকে। শঙ্কৰ আৰু মাধৱ- দেৱে কেৱল পাচ কাণ্ড মাত্ৰ পায়। ৰামায়ণ পুথি খনি অসম্পূৰ্ণ হৈ থকা দেখি মাধৱদেৱে আদি কাণ্ড আৰু শঙ্কৰ দেৱে উত্তৰাকাণ্ড মূল সংস্কৃতৰ পৰা ভাঙ্গি অসমীয়া ভাষাত পদকৰে। সেই কাৰণে বৰ্তমান অসমীয়া ৰামায়ণ তিন জন অসমৰ প্ৰধান কবিৰ দ্বাৰাই ৰচিত হোৱা আমি দেখিবলৈ পাইছোঁহঁক। | (৩) দীননাথ বেজবৰুৱা ডাঙ্গৰীয়াই লিখি যোৱা কথা আৰু কছাৰি ৰজাৰ অধীন নওগাও —এলাকাৰ মানুহ ভিন্ন মাধৱকন্দলী কৰ মানুহ সেই বিষয় জানিবলৈ অন্য লিখিত প্ৰমাণ আমি অনেক অনুসন্ধান কৰিও নাপালা। নও- গাওৰ আলি পুখুৰীয়েই তেওঁৰ জন্ম স্থান স্থিৰ কৰাটি অযুগ্য হব নাপায়। কাৰণ আমাৰ দেশৰ কন্দলী বংশ প্ৰথমে তাতে বাস কৰিছিল বুলি জানা যায় আৰু সেই বংশৰ মুখোজ্জ্বল কৰা মাধৱ কন্দলী ভিন্ন অন্যান্য অনেকেই কবিত্ব শক্তিৰ পৰিচয় দি অসমীয়া ভাষাত অনেক পদ পুথি লিখিথৈ গৈছে যথা-অনন্ত কন্দলী, শ্ৰীধৰ কলী, মহেন্দ্ৰ কন্দলী ইত্যাদি। মাধৱকন্দলী আদি কবি হৈ নিজ দেশতে আছিল। কাৰণ তেতিয়া কছাৰি উপদ্ৰৱ হোৱা নাছিল। কিন্তু তেওৰ পিচত। তেওঁৰ বংশত যি সকলে জন্ম গ্ৰহন কৰি, কবি হৈ উঠিছিল সি বিলাকে কথিত উপদ্ৰৱৰ কাৰণ নিজ দেশ পৰিত্যাগ কৰি নামনি দেশ হাজো আদিত আহি বাস কৰা প্ৰমাণ পোৱা গৈছে। (৪) মাধৱকলীৰ আন কিবা নাম থকাৰ একো প্ৰমান নাই। কিন্তু। ৩ দীননাথ বেজবৰুৱা ডাঙ্গৰিয়াই এটাইবোৰ বামুণীয়া কবিকে একেজন কৰি অৰ্জুনৰ নিচিনা দশ নাম আৰোপ কৰিছে। কিন্তু বেজ বৰুৱা ডাঙ্গৰীয়াৰ এইটি ভূল ভিন্ন অন্য নহয়। অনন্ত কন্দলী, ৰাম সৰস্বতী, শ্ৰীধৰকলী প্ৰভৃতি কবি বেলেগ বেলেগ মানুহ বুলি প্ৰমাণ পোৱা গৈছে। ৩ আনন্দৰাম ঢেকিয়াল ফুকন আৰু ৩ গুনাভিৰাম বৰুৱা ৰায় বাহাদুৰেও অনন্ত কন্দলী আৰু ৰাম সৰস্বতী একে জন মানুহ বুলিছিল। কিন্তু তেওঁলোক যে একে জন মানুহ নহয় সেই কথাৰ প্ৰমাণ পোৱা গৈছে।