সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। “নব্য ভাৰত ” পঞ্চদশ খণ্ডৰ প্ৰথম সংখ্যাৰ (অৰ্থাৎ ১৩০৪ সনৰ বৈশাখৰ) ২৩ পিঠিত শ্ৰীকৰুণা নাথ ভট্টাচাৰ্যই “অনন্ত” ৰামায়নৰ কথা যি লিখিছে, সেই অনন্ত ৰামায়ন আন ঠাইৰ নহয়, অসম দেশৰ কবি অনন্ত কন্দলীৰ দ্বাৰায় ৰচিত পুথি মাত্ৰ। আৰু পোন্ধৰ শতাব্দিৰ শেষত লিখা হৈছিল। উল্লিখিত পুথি খনি সাঁচি পাতত লিখা আৰু সঁচি পাত পুথি লিখাদি কাৰ্যত ব্যৱহাৰ হোৱা, অসম দেশ ভিন্ন ভাৰতৰ অন্য কোনো দেশত দেখা নাযায়। অনন্ত কন্দলী শ্ৰশঙ্কৰৰ আৰু মাধৱদেৱৰ সম সাময়ীক কৱি হলেও এও তেওঁলোকৰ তলৰ কবি। মাধৱ কলীৰ ৰচিত অসমীয়া সাতকাণ্ড ৰামায়ণ “আদি” ও “উত্তৰা কাণ্ড ” কছাৰি আৰু আহোমৰে ৰাজ্যৰ নিমিত্তে ৰণ লগাত লোপ পোৱাত, সেই কন্দলী বংশৰে অনন্ত কন্দলীয়ে লোপ পোৱা দুই খণ্ডৰ থলত “ৰাম কীৰ্ত্তন” নামেৰে পুথি এখনি ৰচনা কৰ৷ অনুমান হয়। কিন্তু শ্ৰীশঙ্কৰ আৰু মাধৱ দেৱেও, ৰামায়ণৰ সেই দুই কাও সংস্কৃতৰ পৰা ভাঙ্গি পদ কৰাত আৰু ইবিলাকৰ ৰচিত পদ সুললিত আৰু গম্ভীৰ হোৱাত, জন সমাজত তেও লোকৰ ৰচিত দুই কাণ্ডহে আদনীয় হল, আৰু অনন্ত কন্দলীৰ ৰচিত ৰামায়ণ খনি আদৃত নোহোৱাত, অসম দেশত তাৰ প্ৰায় লোপ পোৱাৰ দৰে হল। বঙ্গাল দেশৰ লোকে সেই সময়ত অসমীয়া ভাষাৰ পুথি নি নি পঢ়াত “অমন্ত ৰামায়ণ” বঙ্গাল দেশত অদ্যপি থাকিল গৈ। আৰু সেই পুথি খনি এতিয়া বঙ্গলা সাহিত্যৰ প্ৰাচীন পুথি বুলি দেখুৱাবলৈ পুৰুষাৰ্থ কৰিছে। কিন্তু নব্য ভাৰতৰ লেখকে নাজানে যে অনন্ত কন্দলীৰহে এই খনি ৰামায়ণ ৰচিত আৰু অনন্ত কন্দলী মাধৱ কন্দলীৰ বংশৰ কবি। পূৰ্বে নওগাৱৰ আলি পুখৰিত তেওঁলোকৰ ঘৰ আছিল আৰু কছাৰিৰ উপদ্ৰৱত ভাগি আহি হাজোৰ শলা আদি গ্ৰামত বাস কৰিলেহি। উল্লিখিত নব্যভাৰতৰ ২৪ পঠিত অনন্ত ৰাময়ৰ পৰা যি যি পদ তুলি দিছে তাৰে তলত এফাকি উদ্ধত কৰি দিয়া হল; যথা :—“জয় জয় শ্ৰীমন্তশঙ্কৰ পূৰ্ণ কাম। কীৰ্ত্তণৰ ছন্দে বিৰাচিলোঁ গুণ নাম”। | এতিয়া শ্ৰীমন্তশঙ্কৰ যে অসমৰ বৈষ্ণৱ ধৰ্ম প্ৰবৰ্তক শ্ৰীশঙ্কৰদেৱ আৰু তেওৰ ৰচিত কীৰ্ত্তন পুথিকে আৰ্হি কৰি যে অনন্ত কন্দলীয়ে ৰামায়নৰ পদ কৰিছিল এইটি জানিব নোৱাৰি “অনন্ত ৰামায়ণ” বঙ্গলৰ সাহিত্যৰ ভিতৰত নি সুমাইছে। ইয়াৰ দ্বাৰাই এইটি মাত্ৰ প্ৰতিপন্ন হয় যে অসমীয়া ভাষা অতি প্ৰাচীন আৰু প্ৰাচীন বঙ্গ সমাজত আদৃত হৈছিল। আৰু অনন্ত ৰামায়ণৰ পদ যি বিলাক উদ্ধত কৰি দিছে সেই বিলাক শুদ্ধ অসমীয়া ভাষাৰ পদ মাত্ৰ অন্য নহয়, কেবল লিখকে অসমীয়া ভাষা নাজানা হেতুকে মাঝে মঝে দুই এটি পদ অশুদ্ধ কৰিছে। যথা পশিলে।