পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাতকাণ্ড ৰামায়ণ। স্থলত “পয়লো” “আবে দুই পুতাই পৰিছেদি চাহা মোক” স্থলত “আবে দুই পুতাই পড়িবে দাবাহা মোক”। অনন্ত কন্দলীৰ লেখা শঙ্কৰ মাধৱ দেৱৰ লেখাৰ আগত জিলিকিব নোৱাৰৰ আৰু এটা কাৰণ তেও ৰ লেখা বিলাক অতি চুম্বক আৰু তিমান মিঠা নহয়। এই “অনন্ত ৰামায়ণ ” খনি অসম দেশত ৰামকীৰ্তণ নামে বহুত দিনৰ পৰা সৰ্বত্ৰ বিদিত হৈ বৰ্তমান আছে। | মহামান্য গ্ৰিয়াৰচণ চাহাবে এই বুলি অসমীয়া ভাষাৰ বিষয়ত লিখিছে “অসমীয়া ভাষাৰ ব্যাকৰণ বিষয়ত বঙ্গালা ভাষাত কৈ বেহাৰী (হিন্দি) ভাষাৰ লগত বেশী সম্বন্ধ থকা প্ৰমাণ কৰিব পৰা যায়। আৰু ৰামায়ণ মহাভাৰত আদি পুথি অসমীয়া ভাষাত প্ৰায় চাবিশ বছৰৰ পূৰ্বে অনুবাদ হৈছিল। কিন্তু বঙ্গালী ভাষা উনৈশ শতাব্দিৰ পূৰ্বে লিখিত ভাষা স্বৰূপে থকা বুলিব নোৱাবি” এনে এজন পণ্ডিতৰ সিদ্ধান্তে ওপৰত লিখা কথা বিলাকৰ সমৰ্থন কৰিছে। অসমীয়া ভাষা যে সবল, সুললিত আৰু সুন্দব এটি স্বতন্ত্ৰ ভাষা, আনো অনেক ইংৰাজ পণ্ডিত সকলে সিদ্ধান্ত কৰি গৈছে। সুতৰাং সেই বিষযে বাহুল্য লিখা অনাবশ্যক; আমি এতিয়া এই সাতকাণ্ড ৰামায়ণ সম্বন্ধে যি কব লগীয়া কথা আছে তাকে লিখিলো। | সংস্কৃত ভাষাত বাল্মীকি ৰচিত ৰামাযণ যেনে আদি পদ পুথি, তেনেকুৱা অসম দেশৰ কবিকুল চুড়ামণি মাধৱ কন্দলীৰ অসমীয়া ভাষাত ভাঙ্গনি ৰামায়ণ ( যদিও তেওঁৰ আগৈয়ে কোনো কোনো সৰু পুথি ৰচনা হৈছিল তথাপি) আদি পদ বুলিলে অত্যুক্তি নহব পায়। কবিকুল চুড়ামণি মাধৱকন্দলীযে মহামাণিক্য বৰাহ ৰজাৰ আজ্ঞাৰে সাতোকাণ্ড ৰামায়ণ অসমীয়া ভাষাত ভাঙ্গি পদ কৰে। লঙ্কাকাণ্ডৰ শেষত যি ভনিতা দিছে তলত লিখা হল। তাৰ দ্বাৰাই পাঠক সকলে বুজিব পাৰিব। কবিৰাজ কন্দলীয়ে। | আমাকেসে বলিৱয়, কৰিলোহে সৰ্বজন বোধে। ৰামায়ণ সুপয়াৰ শ্ৰীমহামাণিক্য যে, বৰাহ ৰাজাৰ অনুৰোধে॥ সাতকাণ্ড ৰামায়ণ | পদবন্ধে নিবন্ধিলে। | লম্ভা পৰি হৰি সাবোতে। এতিয়া আকৌ গমি চোৱা যাওক মহামাণিক্য বৰাই ৰজানো কোন দেশৰ ৰজা আৰু কোন সময়ত ৰাজত্ব কৰিছিল? অসমৰ সকলো মানুহেই জানে সে কছাৰি দেশৰ ৰজা সকল জয়ন্তাপুৰত থাকি ৰাজত্ব কৰা বাবে জয়ন্তাপুৰেশ্বৰ বুলি প্ৰখ্যাত ৪০