পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাতকাণ্ড ৰামায়ণ। ৩১১ ছন্দ”” “ৰামায়ণ ” “মহাভাৰত” “ভাগৱত ” “গীত।” পুৰাণাদি ৰচিত হয়, তেতিয়া আসামৰ ওচৰৰ দেশ বিলাকৰ ভাষা ভালকৈ গঠিতহোৱা নাছিল। বোল। কোনো মতেই অযুগুত নহয়। অসমীয়া যে অনেক পুৰনি ভাষা অনেক কাৰণ ও প্ৰমানৰ দ্বাৰা সিদ্ধান্ত কৰিব পাৰি। ৰায় গুণাভিৰাম বৰুৱা বাহাদূৰে আসাম বুৰঞ্জীৰ ২৭২ পিঠিত এই কথা লেখিছে “আৰ্যাবৰ্ত ব্ৰহ্মবৰ্ত প্ৰভৃতি হিমালয় আৰু বিন্ধ্যাচলৰ মধ্যবৰ্তী স্থানৰ যি ভাষা, আৰু যি লোকে সেই ভাষা কয়, সেই সকলো উল্লিখিত সীমাৰ ভিতৰতে আছে। এই সকলোৰে আদি ভাষা সংস্কৃত মুলক হিন্দি। সংস্কৃত ব্যাকৰণ এই সকলে। ভাষাৰ মূল আৰু তাৰ নিয়মেই সেই সকলোৰে নিয়ম। এই নিমিত্তেই এই চাৰি সীমাৰ মধ্যবৰ্তী হিন্দি, বঙ্গালা, উড়িয়া আৰু অসমীযা এই চাৰিও ভাষাৰ সাদৃশ্য দেখি।” এই কথাৰ দ্বাৰায় কেবল অসমীয়া, বঙ্গলা ভাষাৰে পাৰ্থক্য বুজা যাব, কিন্তু অসমীয়া আৰু বঙ্গালী এই উভয় ভাষা সমসাময়ীক ভাষা বুলি তেওঁ কোৱা নাই আৰু আমিও তাকে কওঁ। ওপৰত কোৱা হৈছে যে আৰ্য্য সন্তান সকল ক্ৰমাগত ব্ৰহ্মবৰ্ত্তৰ পৰা আয্যবৰ্তলৈ আৰু তাৰ পৰা কিছু দাক্ষিণাত্য প্ৰদেশলৈ আৰু কিছু পূৰ্বৰ দেশলৈ আহে। আৰু স্থানীয় ভাষাৰ সহিত তেওঁলোকৰ আদি প্ৰাকৃত ভাষাৰ মিহলি হোৱাত হিন্দি ভাষাৰ জনা হয়, আৰু সেই হিন্দি ভাষায় অসমীয়া, বঙ্গালী আৰু উড়িয়া ভাষাৰ শূল। এইটা পণ্ডিত সকলে সিদ্ধান্ত কৰিছে আৰু বাস্তবিকতে চাবলৈ গলে সেইয়ে সচা। এনে স্থলত আমি যে ওপৰত লিখিছে, যি সময়ত অসমীয়া ৰামায়ন মহাভাৰতাদি লিখা হৈছিল, তেতিয়া গৌড় আৰু কোচবিহাৰৰ ভাষাৰ অনেক সাদৃশ্য আছিল, এই বিষয়ত বৰ সন্দেহ কৰিবৰ কাৰণ নাই। কিন্তু কোচবিহাৰৰ নৰ নাৰয়ন ৰজা মেনে অতি প্ৰবল পৰাক্ৰান্ত আছিল, তেনে বিদ্যোৎসাহীও আছিল। তেও ৰ আদেশত অসম দেশত ঢলিত সংস্কৃত ৰত্ন মালা ব্যাকৰণ” পুৰুষোত্তম পণ্ডিতৰ দ্বাৰাই লিখা হয়, আৰু সংস্কৃতৰ পৰা ভাঙ্গি মহাভাৰত অসমীয়া ভাষাত ৰচনা কৰা হয়। সেই সময়ত অসমীয়া ভাষা অতিশয় উন্নত ভাষা স্বৰূপে প্ৰতিপন্ন হোৱাত, গৌৰব আৰু ওচৰৰ আন আন দেশৰ লোকসকলে সেই অসমীয়া ভাষাৰে পদ ৰচনাদি কৰাৰ মূল কাৰণ, আৰু অসমীয়া ভাষা যে ওচৰৰ দেশ বিলাকত অদৰ পাইছিল, ইয়াৰ প্ৰমান মাধৱ কলীৰ আৰু অনন্ত কন্দলীৰ ৰচিত ৰামায়ন, যাক বঙ্গাল দেশত ‘কন্দলি ৰামায়ন” আৰু “অনন্ত বামায়ন ” বুলিছিল। সেই ৰামায়ণ সেই দেশত নি পঢ়িছিল আৰু আদৰ কৰিছিল।