৩১০ অসমীয়া সাহিত্যৰ চানেকি। যোলশ শতাব্দিৰ আন কবিয়েও এই দেশত বৰ্তমান চলিত অসমীয়া ভাষাৰে পুথি। লিখি থৈ গৈছে। এওঁবিলাকৰ দ্বাৰাই অসমীয়া ভাষা এটা প্ৰাচীন ভাষা নুবুলি থাকিব। নোৱাৰি। এতিয়া এই অসমীয়া ভাষাৰনো মূল কি তাক চাব লাগে। আৰ্য্য সকলে প্ৰথমে সিন্ধুনদ পাৰ হৈ ব্ৰহ্মবৰ্ত্ত, আৰ্যবৰ্ত্ত, আদি স্থানত বাস কৰি ক্ৰমাগত দক্ষিণলৈ আৰু পূবলৈ আহি বাস কৰিছিল। আৰু তেওঁলোকৰ ঠাই সলোৱাৰ লগে লগে ভাষাৰো সলনি হৈছিল। বেহাৰত যেতিয়া আৰ্য সকলে আহি বাস কৰিলে, তেতিয়া তেওঁ লোকৰ ভাষা অনেক পৰিবৰ্তন হৈ হিন্দি ভাষাত পৰিণত হ’লহি আৰু তেওঁ লোকে যিমান পূবলৈ বা দক্ষিণলৈ উজাই ভাটিয়াই গল, সেই অনুসৰে তেওলোকৰ ভাষাৰে সলনি হ'ল।। | আমি পূৰ্বে কৈছোঁ অসম দেশৰ সীমা দিকৰাইৰ পৰা কৰতোৱা পৰ্যন্ত আছিল আৰু কোচবিহাৰ অসমৰ অন্তৰ্গত স্থান ছিল। গৌড় দেশ কোচবিহাৰৰ ওচৰীয়া দেশ আছিল। অসমৰ আৰু পূৰ্ব বঙ্গালৰ ভাষাৰ যেনে মিল আছে, সেইৰূপে কোচবিহাৰৰ আৰু গৌড়ৰ ভাষাৰ সাদৃশ্য আছিল। কোচবিহাৰৰ সুবিখ্যাত নৰনাৰায়ণ ৰজাই যেতিয়া মহাভাৰত অসমীয়া ভাষাত ভাঙ্গনি কৰাই, তেতিয়া তেওঁ গৌড়ৰ আৰু কামৰূপৰ পণ্ডিত সকলোকে একেলগ কৰি অসমীয়া ভাষাত মহাভাৰত ভঙ্গাই পদ কৰাইছিল। অসমৰ কবি অনিৰুদ্ধ, যাৰ নাম পিছত ৰামস্বৰস্বতী বুলি। প্ৰখ্যাত হৈছিল, তেওঁ মহাভাৰতৰ সংস্কৃত ১৮০০ শ্লোকৰ ভিতৰত ১৫০০০ নিজেই অসমীয়া ভাষালৈ ভাঙ্গে, বাকি ৩০০০ শ্লোক আন আন পণ্ডিতে, যথা গঙ্গা দাস, দেবীবৰ, চণ্ডীবৰ কবি গৌড়ৰ বুলি আমি অনুমান কৰে, কাৰণ তেওঁলোকৰ নামে আৰু অশ্বমেধ পৰ্বত উল্লেখ কৰা কথাৰে মিল দেখিব পাইছোঁ। বঙ্গল ভাষাত সেই সময়ত নাম কব লগীয়া কোনো পুথি নথকাৰ কাৰণে ইয়াকে নিশ্চয় কৰিব পাৰি যে, তেতিয়া বঙ্গালী ভাষাৰ নাম ফুটি ওলোৱা নাছিল। ইতি পূৰ্বে কোৱা হৈছে কোচবিহাৰ অসম দেশৰ অন্তৰ্গত আৰু কোচ বংশীয় ৰজা সকলে মহাভাৰত অসমীয়াত ৰচনা কৰোৱা সময়ত প্ৰায় সমুদায় অসম খণ্ডৰ অধিকাৰী আছিল। নৰ নাৰায়ন ৰজাৰ ভায়েক কমলাগোঁহাই আলি কোচবিহাৰৰ পৰা ডিবৰুগড়- লৈকে আজিও “গোঁহাই কমলা” আলি নামে জ্বলি আছে। আৰু কোচৰজ। বিলাকৰ আনো আনো অনেক কীৰ্ত্তি আজিলৈকে অসমত আছে, এনে মূলত কোচবিহাৰত পূৰ্বে যি ভাষা চালিত আছিল, সেই ভাষাই অসম দেশৰ আজি চলিত অসমীয়া ভাষা আৰু অসম দেশত এই ভাষা যেতিয়া গঠিত হৈ “দীপিকা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৩০
অৱয়ব