পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০৯ অসমীয়া সাতকাণ্ড ৰামায়ণ। অধিক পৰিমাণে বাস কৰাৰ নিমিত্তে ইয়াত অতি-পুৰণি কালৰ পৰাই বিদ্যাচৰ্চা বিশেষকৈ হৈছিল। সংস্কৃত ভাষাই মূল আৰু তাত বাজেও দেশীয় প্ৰাকৃত ভাষাটি যে কি আছিল তাকে স্থিৰ কৰা উচিত। কাৰণ সেইটী নকৰিলে আমি অসমীয়া ভাষাৰ বিষয় একো থিৰ কৰিব নোৱাৰিম। কামৰূপ মহাপীঠৰ স্থান হোৱাত, যে বিদ্যানুশীলন বিষয়ত পূৰ্ব দিকত এখনি বিখ্যাত দেশ হৈ চিৰকালৰ পৰা আছে, এই বিষয়ত কোনোৱে সন্দেহ কৰিব লগীয়া কথা নাই। এই কামৰূপৰ কি ভাষা? আৰু কিমান দিনৰ পৰ। সেই ভাষা প্ৰচলিত আছে, এই বিষয় এতিয়া চোৱা উচিত। | কোনো ভাষাৰ আদি গুৰি বিচাৰিব লাগিলে সেই ভাষা যি দেশত চলিত, সেই দেশৰ ওচৰৰ দেশত কি ভাষা তাক প্ৰথমতে চাব লাগে। আমাৰ দেশৰ ওচৰত দক্ষিণে বঙ্গাল দেশ, আৰু পশ্চিম উত্তৰ কোনাত বেহাৰ দেশ। সুতৰাং | সেই দুই দেশৰ ভাষাৰ সহিতে আমাৰ দেশৰ চলিত ভাষাৰ অনেক সাদৃশ্য আছে। | বঙ্গাল দেশৰ বঙ্গালী ভাষাৰ আদি কবি কীৰ্ত্তিবাস ওজা। এও নদীয়া জিল্লাত জন্মগ্ৰহণ কৰি মোলশ শতাব্দীত বঙ্গালী ভাষাত ৰামায়ণ ৰচনা কৰিছিল। দ্বিতীয় বৰ্ধমান নিবাসী মুকুন্দৰাম চক্ৰবৰ্তী। এও শ্ৰীমন্ত সদাগৰৰ উপাখ্যান ৰচনা কৰে। ইয়াৰ আগৈতে অৰ্থাৎ ষোলশ শতাব্দীৰ আগৈয়ে বঙ্গালা ভাষাত কোনো বঙ্গালীয়ে কোনো পুথি ৰচনা কৰা দেখা নাযায়। তেনেহলে বঙ্গালী ভাষা আধুনিক, আৰু তলত লিখা প্ৰমাণ বিলাকৰ দ্বাৰাই বুজিব পৰা যায়, যে অসমীয়া ভাষা তাৰ বহু পূৰ্বে গঠিত হৈছিল আৰু এই অসম দেশৰ কৰি সকলে ৰামায়ণ মহাভাৰত আদি যাবতীয় সংস্কৃত মূলক আৰ্য সকলৰ আদৰনীয় পুথি বিলাক সংস্কৃতৰ পৰা ভাঙ্গি দেশীয় ভাষাত পদ কৰিছিল। যদি আজিকালি অসমীয়া ভাষা কোনো কোনো ঠাইত অনাদৃত আৰু ঘৃণিত হৈছেহি, তথাপিও এই ভাষা যে অতি পুৰণি তাক নহয় বোলাটো যুগুত হব নাপায়। | অসমৰ প্ৰথম ডাঙ্গৰ কবি বুলি আমি অসমীয়া ভাষাত ৰামায়ণ ৰচয়িতা মাধৱ কলীকে ধৰিব পাৰোঁ। এও চৌদ্ধ শতাব্দিৰ শেষত নতু পোন্ধৰ শতাব্দিৰ আদিতে হোৱা কবি। ইয়াৰ প্ৰমান আমি তলত দিম। কদলী বংশত আনন কবি হৈ আন আন পুথিও লিখি থৈ গৈছে, প্ৰমাণ পোৱা যায়। কিন্তু সিবিলাক পিছৰ কবি। পোন্ধৰ শতাব্দিৰ পিছত আৰু ষোল শতাব্দিৰ ভিতৰতে শ্ৰীশঙ্কৰদেৱ মাধৱদেৱ, অনন্ত কন্দলী, ৰাম সস্বতী আদি প্ৰধান কবি হৈ উঠিছিল। আৰু