পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। সেই নদীৰ আছিল নাম দিখৌ, কিন্তু তাৰ পাৰত এনে কলঙ্কিত কাম হোৱাত তাৰ নাম “কলঙ” (অৰ্থাৎ কলঙ্গ) হল। এই নদী নওগাঁও জিলাৰ ভিতৰত আছে। ইয়াৰ দ্বাৰা দেখা যায়, ব্ৰহ্মপুত্ৰৰ এতিয়া যি পিনে সুতী বৈছে পূৰ্বে আন ফালে দি আছিল। এই ঘটনাৰ পাছে এই বৰ্তমান সুতী হয়। আৰিমত্ত পিতৃবধী পাতকী হৈ গঙ্গাদি তীৰ্থ লৈ যায়, কিন্তু তাৰ দ্বাৰায় পাতক মোচন নোহোৱাত তেওঁ নিজ দেশলৈ উলটি আহি সকলো ধন সম্পত্তি আৰু পুত্ৰ পৰিবাৰেৰে দিখৌ নৈৰ মাজত আত্মজাহি হৈ ডুবি মৰা বুলি প্ৰবাদ আছে। আৰিমত্ত নিপুত্ৰক। তেওঁৰ ৰাজ্যৰ ভাৰ নিজৰ সুযোগ্য মন্ত্ৰী সাগৰক দি তেও প্ৰাণত্যাগ কৰে। সাগৰৰ মনোহৰ নামেৰে এটী পুত্ৰ আৰু লক্ষনী নামেৰে এটা কন্যা আছিল। আমিত্তে আত্মঘাতী হৈ মৰাৰ পিছত, মনোহৰ বিশ্বনাথত ৰজা হৈ থাকে, আৰু তেওঁ অপুত্ৰক হৈ মৰাত তেওঁৰ ভনীয়েক লক্ষীয়ে বাপেক আৰু কাকায়েকৰ ৰাজ্যত ৰাণী হয়। এও মহা পুণ্যৱতী আছিল। প্ৰবাদ আছে এও কন্যা কালতে সূৰ্যক আৰাধনা কৰি তেওঁৰ পৰা “ধাতু তা ক্ষৰি” নামেৰে শাস্ত্ৰ এখানি পায়, সেই শাস্ত্ৰতে সকলো দেৱ দেবীৰ বীজ মন্ত্ৰ লেখা আছিল। লক্ষীয়ে সূৰ্যক তেওঁৰ বীজ মন্ত্ৰৰে আৰাধনা কৰাত তেওঁৰ দুটী পুত্ৰ হবলৈ বৰ পায়, আৰু সেই বৰৰ প্ৰভাৱে তেওঁৰ শান্তামু আৰু শামন্ত নামেৰে দুটী পুত্ৰ হয়। পিতৃৰ ৰাজ্যত তেওঁ ৰাণী হৈ লক্ষীম পুৰত নিজ ৰাজধানী পাতে, সেই দিনৰে পৰা তেওঁৰ নাম অনুসাৰি লক্ষীপুৰ চহৰ সৃষ্টি হৈ আজি লৈকে বৰ্তমান আছে। | লক্ষনীৰ ওপৰত কোৱা দুই পুত্ৰৰ পৰা বাৰ ভূয়াৰ উৎপত্তি হয়, কিন্তু তেও লোকৰ মাজত, শান্তানু দেবী পূজক আৰু শামন্ত বৈষ্ণব ধৰ্মাবলম্বী আছিল। দ্বিতীয় জনৰ বংশত শঙ্কৰ দেবৰ জন্ম হয়। বাৰ ভূযাঁক খেদি অসম ৰজাই ওপৰ খও দেশ লয়। ভাটি খণ্ডত অৰ্থাৎ নিজ কামৰূপত পালবংশীয় আদি আন আন বহুতো ৰজাই ৰাজত্ব কৰিছিল। প্ৰায় সকলো ৰজায়ে বিজ্ঞ আৰু ধাৰ্মিক আছিল। অনেকে তামৰ ফালি মাৰি ব্ৰাহ্মণ সকলক ভূমি দান কৰা দেখা যায়। ইয়াৰ দ্বাৰাই থিৰ কৰিব পাৰি যে যদি পুৰুষোত্তম গজপতি জীৰি বংশৰ ৰজাহে হয়, তেনেহলে শঙ্কৰদেৱ অসমীয়া ভাষাৰ আদি কবি নহয়। আৰু যদি আদি পুথিকহে বিশ্বাস কৰা যায়, তেনেহলে শঙ্কৰদেৱ যে অসমীয়া সাগৰ বংশীয় কায়স্থ তাও প্ৰমান পোৱা যায়। কামৰূপত ভগৱতীৰ মহাপীঠ থকা গতিকে, ভাৰতৰ যোগী 'ঋষি আৰু পণ্ডিত সকলে ইয়ালৈ সততেই অহাযোৱা কৰিছিল। সেই কাৰণে আৰু ব্ৰাহ্মণ সকল