পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাতকাণ্ড ৰামায়ণ। ৩০৭ বাৰ শদিত ৰজা হোৱা অনুমান হয়। তেনেহলে কামৰূপত ক্ষত্ৰিয় বংশে বাৰ শতাব্দিৰ আগৈয়ে ৰাজত্ব কৰা বুলি অনুমান কৰিব পাৰি। | পুৰুষোত্তম গজপতিয়ে (দীপিকা ছন্দ ৰচয়িতা) নিজে লিখা পুথিৰ এঠাইত এই ভনিতা দিছে যে তেওঁ সূৰ্য্য বংশীয় (ক্ষত্ৰিয ৰামচন্দ্ৰ ৰজাৰ ভায়েকৰ নতিয়েক আছিল আৰু যদি জিতাৰিৰ বংশই কামৰূপত ক্ষযি ৰজা হৈছিল তেনেহলে “দীপিকাছন্দ” পুথি সম্ভবতঃ একাদশ শতাব্দিত কি তাৰো আগৈযে লিখা পুথি বুলি সিদ্ধান্ত কৰাত অযুগুত হব নাপায়। এই বিষযত আৰু ভিতৰুৱা এই প্ৰমাণ পোৱা যায়, যে পুৰুষোত্তম ৰজাই ধৰ্ম্মৰ ব্যভিচাৰকে “বৌদ্ধ” বুলি বৰকৈ নিন্দা কৰিছে। নবম আৰু দশম শতাব্দিত অসমত কি ভাৰতবৰ সকলো ঠাইতে বৌদ্ধধৰ্ম্মৰ হ্ৰাস হোৱাত সেই ধম্মটি অনকি “বৌদ্ধ” শব্দটিয়েই ঘৃণাসূচক হৈছিল। এতিয়া দেখিব লাগে যদিহে “দীপিকা ছন্দ” দশম কি একাদশ শতাব্দিত লিখা পুথি হে হয়, তেনেহলে অসমীয়া ভাষা তাৰে কিমান দিন পূৰ্বে গঠিত হৈছিল আৰু তদ্বাৰায় কেনে ওখ ভাব প্ৰকাশ কৰিব পৰা হৈছিল “দীপিকা ছন্দ” পুথিখানি পঢ়িলেই সহজে বুজিব পৰা যায়। দেৱ শক যাক শাকাদিত্য শক বোলে তাৰ আদিতে দেৱেশ্বৰ নামেৰে এজন কামৰূপত ৰজা হয। তেও জাতিত শূদ্ৰ আছিল। কিন্তু তেওঁৰ দিনত বৌদ্ধ ধৰ্ম্মৰ প্ৰবল স্ৰোত এই দেশলৈ ব’ব ধৰাত তেওঁ তাক প্ৰতিৰোধ কৰিবলৈ বিশেষ যত্ন কৰে। তেওঁৰ পিছত ময়মত্ত ৰজা হয়। তেওঁৰ দুই পুত্ৰ আৰিমত্ত আৰু নাগমন্ত। আৰিমত্ত, ময়মত্তৰ কুঁৱৰীৰ গৰ্ভত আৰু ব্ৰহ্মপুত্ৰৰ ঔৰসে জন্ম হোৱা প্ৰবাদ আৰু সেই নিমিত্তে আৰিমত্ত ৰজাক ব্ৰহ্মপুত্ৰৰ বংশীয ৰজা বুলিছিল। আৰিমত্ত ৰজা ক্ষত্ৰিয় জিতাৰি বংশীয় ৰামচন্দ্ৰ ৰজাৰ বংশৰ ৰজ। এজনৰ জীয়াৰীৰ সন্তান বুলি শ্ৰীযুক্ত গেইট চাহাবে সিদ্ধান্ত কৰিছে। (২) আৰিমত্ত আৰু নাগমত্ত দুয়োজন পুত্ৰে পিতৃৰ আজ্ঞাৰে ৰাজ্য দুভাগ কবি ৰাজত্ব কৰে। নাগমত্তে সংস্থাপন কৰা দেৱালয় “নাগশঙ্কৰ” আজিলৈকে তেজপুৰ অন্তৰ্গত নদুৱাৰত বৰ্তমান আছে। পিছে নাগমত্তব মৃত্যু হোৱাত ময়মত্তে সেই খণ্ড ৰাজ্যত ৰাজত্ব কৰে। তেতিয়া আৰিমত্তৰ নগৰ বিশ্বনাথত আছিল। পিতৃ ময়মত্ত ৰজাই জীবিত পুত্ৰ আৰিমত্তক তেওঁৰ ৰাজধানীত চাবলৈ যায়। তাতে এদিন দুয়ো জনে মৃগয়া কৰিবলৈ যোৱাত দৈববশে পহু বুলি শৰ মাৰি আৰিমত্তে তেওঁৰ পিতৃক হত্যা কৰে। এই ঘটনা বৰ্তমান “কলঙ্গ” নদীৰ মুখত ওচৰৰ বালিৰ হাবিত ঘটে। সেই দেখি সেই ঠাইৰ নাম আৰিকাটি মুখ বুলি আজিও প্ৰখ্যাত। আৰু যি নদীৰ পাৰত এই ঘটনা ঘটে।