পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

? AJA BIP 1M co/ c0LL |! B AY.

  1. MA৮

'৪৫rt tala. মাধবচন্দ্ৰ বৰদলৈ। (ৰায়বাহাদুৰ ) -০০০০- অসমীয়া সাতকাণ্ড ৰামায়ণ। অতিপূৰ্বে গোটেই অসম দেশকে কামৰূপ বুলিছিল ইয়াৰ সীমা পূবে দিকৰাই আৰু পশ্চিমে কৰভোৱা, সুতৰাং বৰ্তমান সময়ৰ ব্ৰহ্মপুত্ৰৰ উপত্যকা প্ৰদেশ খণ্ডকে কামৰূপ বুলিব পাৰি, আৰু তাৰ বাজে কোচ বিহাৰ আৰু ভাটিৰ ৰঙ্গপুৰে৷ ইয়াৰ অন্তৰ্গত স্থান আছিল। এই দেশ অতি প্ৰাচীন আৰু আৰ্য্য বিলাকৰ শ্ৰদ্ধাস্পদ, কাৰণ এই দেশতে সতীৰ প্ৰধান পীঠ নীলাচল পতিত আছে। তন্ত্ৰত লিখিছে “অন্যত্ৰ বিৰলা দেবী কামৰূপে গৃহে গৃহে” অৰ্থাৎ মহাপীঠ হোৱা হেতুকে মহামায়া ভগৱতীৰ এই দেশবাসীলৈ বিশেষ অনুগ্ৰহ থকা বুলি প্ৰসিদ্ধ। বাস্তবিকতে এই দেশৰ মানুহ যদিও বৰ ধনবন্ত নহয়, তথাপি ভাতে কাপোৰে চিৰকাল সুখে খাই লৈ আছিল। কালবশে নানা স্থানৰ বিদেশী মানুহ আৰু তেওঁলোকৰ লগে লগে বিদেশী ভাবৰ পয়োসাৰ হোৱাত মানুহৰ অবস্থাৰ এতিয়া বহুতো তাৰতম্য হল।। এই দেশ যে প্ৰাচীন তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰিব। এই দেশত ভিন্ন ভিন্ন বংশীয় বহুত ৰজা সকলে ৰাজত্ব কৰি গৈছে। চাৰি হাজাৰ বছৰৰ পুৰ্বে মহাভাৰতৰ যুদ্ধ হয়। সেই যুদ্ধত এই দেশৰ ৰজা ভগদত্তই কুৰুক্ষেত্ৰত এজন বিশেষ যোদ্ধা বুলি পৰিচিত হৈছিল; তেওঁৰ পিচত তেওঁৰ বংশৰ সুবাহু নামেৰে এজন কামৰূপত ৰজা হয়। তেওঁ ৰাজ্য এৰি বনলৈ গৈ হিমালয়ত তপস্যা কৰি প্ৰাণত্যাগ কৰে। তেওঁৰ পুত্ৰ সুপৰুৱা পাছত ৰজা হয়। এক পাত্ৰ মন্ত্ৰি বিলাকে লগ লাগি বধ কৰে। ইমানতে নৰকৰ বংশৰ ওৰ পৰে। তাৰ পাছত জিতাৰি নামেৰে এজন ক্ষত্ৰিয় সন্যাসী পশ্চিমৰ পৰা আহি কামৰূপৰ ৰজা হয়। এও জলপাইগুড়ীৰ ওচৰত গৈ ৰাজধানী পাতিলেও কামৰূপতেই ৰজা হৈ আছিল। কাৰণ জলপাইগুড়ী তেতিয়া কামৰূপৰ অন্তৰ্গত স্থান আছিল। এওঁৰ বংশত বহুতো ৰজা হৈ কামৰূপত ৰাজত্ব কৰা জানা যায়। আৰু এওঁৰ বংশ ওৰ পৰাতহে ব্ৰহ্মপুত্ৰ বংশীয় আৰিমত্ত ৰজা হয়। আৰিমত্ত