পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৫
অসমীয়া বাবু।

নও বাজিলেই দুকুৰি নও মূৰত আহি চৰে।
দিহাদিহি যেয়ে যতে ঘৰে ঘৰে লবে॥
বেগাবেগি খাই বই উঠি আকৌ ওলাই যায়।
পাঁচ নাবাজাৰ আগে ইবাৰ ফিৰাৰ উপায় নাই॥
তেল খাৰনীয়া ইংৰাজিৰে খটোমটো কৰি।
উদুৰ কথা বুদুক বুজাই দিনটো কটাই ঘুৰি॥
গাখীৰ গুৰ মাছ তামোলটো, সৰু সুৰা ভেটি।
পায় যদিস্যাৎ সিদিন তাৰ নহয দিনটো ক্ষতি॥
এক পথে তাৰ গতি সদা, কচাৰি যি বাটে।
এক কামে তাৰ মতি সদা, নথি লই খাটে॥
নাই তাৰ লোভ অভিলাষ, সদাই নিৰ্বিকাৰ!
পেন্‌চনৰ মাথোন টকা কইটি, ধ্ৰুব তাৰা তাৰ॥
কুসংস্কাৰ নাই তাৰ এটিও মনৰ মাজে।
তথাপি সি আচাৰ বিচাৰ নেৰে চকুৰ লাজে॥
নাম প্ৰসঙত নাই মতি, তথাপি যি ৰীতি।
ল’ৰালুৰিক লগাই কাম আদায় কৰে সিটি॥
বামুনলৈ ভক্তি নাই মূৰত নাই টিকি।
হাত যোড় কৰি ফুলটিলৈ, খোচে বেৰাৰ দিকি॥
পুহমহীয়া ৰাতি জাৰ গাধোৱে কি ৰূপে।
হুৰহুৰকৈ চোতালত পানী ঢালি কঁপে॥
জাহাজত ফুৰা টান, নৰয় হিন্দুয়ানী।
চাহ-বাকচৰ দ’মত উঠি কৰে কিবাকিনি॥
মনে মনে সি কি কৰে কিবা লাজ তাৰ?
সংস্কাৰ,—সি মনৰ কথা ধাৰ খায় কাৰ?
শিক্ষাবলে এনেৰূপে তৰ্ক কৰে সদা।
গাৰ বলে নজনাক কৰি থয় ভোদা॥
তৰ্ক হলে জয় তাৰ আছে সদাই লগে।
নোজোকালে মেৰ ছাগ, জোকাই চালে লাগে॥
খঙ উঠিলে তপত তেল, কিল খালে কাবু।
এওঁএই আমাৰ আসামৰ অসমীয়া বাবু॥

৩৯