পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৩
ডাঙ্গৰীয়া।

অকুলনত যদি উপযুক্ত শিক্ষক অনাবলৈ বেতন বঢ়াব নোৱাৰি, তেন্তে হাইস্কুলৰ লেখ তাকৰ কৰক, কিন্তু বাস্তবিকে কবগলে গবৰ্ণমেণ্টৰ পক্ষে এই বিষয়ে কৃপণতা অতি শোচনীয়। আমাৰ পৰম আশা এই হে প্ৰত্যেক জিলাতে দুই তিনটা কৈ হাইস্কুল হয়। এতিয়ালৈ তেনে হব নোৱাৰিলেও অন্ততঃ জিলাখনত একোটা হাইস্কুল উচ্চ শ্ৰেনীৰ অৱস্থাত ৰাখা নিতান্ত কৰ্ত্তব্য। যদি গবৰ্ণমেন্টে তাকো উপযুক্ত মতে ৰখাব নোৱাৰে, তেন্তে গোটেই খন প্ৰদেশতে একেটা বা দুটা স্কুল উচ্চ অৱস্থাত ৰখাব পাৰিলে এটা গৌৰব। ভগা, যোড়াদিয়া, মামৰে ধৰা, বাঢ়িব নাজানা হাইস্কুলৰ বহুৱা কেটামান ৰাখাত ফল কি?

ডাঙ্গৰীয়া।

ডাঙৰ দীঘল ভুণি মাৰা মূৰত ডাঙৰ পাগ।
বিয়ায় সভায় ডাঙৰ চৰুত পায় ডাঙৰ ভাগ॥
ডাঙৰ জাপিৰ তলত যায়, ডাঙৰ পিৰাত বহে।
ডাঙৰ হোকাত ধপাত খায়, ডাঙৰ ডাঙৰ কাহে॥
ডাঙৰ খাহি, ডাঙৰ মাছ, ডাঙৰ ভেটিভাৰ।
গোচৰ শোধাত, জগৰ ভাঙাত, সদাই লাগে তাৰ॥
ডাঙৰ ঘৈনীক চুলিত ধৰি মাৰে ডাঙৰ চৰ।
ডাঙৰ চাউলৰ ভাত দিয়ে তাঁতশালত ঘৰ॥
বান্দীক মাৰে খুটাত বান্ধি ডাঙৰ বাৰ্হনিৰে।
খৰমৰ কোব লগুৱাৰ মূৰত দিনে ৰাতি পৰে॥
ডাঙৰ দাবিত লৰালুৰি পলায় লৰালৰি।
ডাঙৰ বেতৰ কোবত কেঁওএ কান্দোবাচিয়ঁৰি॥
ডাঙৰ ডিঙিৰ ডাঙৰ হাতৰ ডাঙৰ ধুমধুমনি।
ইমুৰৰপৰা সিমুৰলৈ গোটাই গাওঁত শুনি॥
ডাঙৰ চৰাৰ ডাঙৰ খুটাত ডাঙৰ গাৰু পাৰি।
পাটিঢাৰিত খাইদাই উঠি বহে ভেম মাৰি॥
ডাঙৰ ডগ্‌ডগিত পানী, ডাঙৰ বটাত পান।
ওচৰত থয় হোকা, চৰিয়া, পিকদান॥