পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। আৰু সাধাৰণৰ আদৰনীয়। যি দেশত সুশিক্ষা ৰোপিত হোৱা নাই তাৰ শাসন আৰু নগা ডফলাৰ শাসনৰ সৰহ ইফাল সিফাল নাই। বঙ্গদেশত, উত্তৰ পশ্চিমাঞ্চলত, পঞ্জাবত, বোম্বাইত, মান্দ্ৰাজত, এই বোৰ প্ৰত্যেক বিভাগত একোটা স্বতন্ত্ৰ বিশ্ববিদ্যালয় আসামত স্বতন্ত্ৰ বিশ্ববিদ্যালয় হবৰ নিমিত্তে আমি প্ৰাৰ্থনা নকৰো। আমাক মাথোন এটি কলেজ দিলেই আমি সন্তুষ্ট। আন সকলো প্ৰদেশৰ পৰা বৃত্তি পাই শিক্ষিত যুবকবোৰ বিলাতলৈ যাব লাগিছে। আমি সৰহ প্ৰাৰ্থনা নকৰোঁ। তিনি বছৰৰ মূৰত মাথোন একোজন লৰা পঠালেই আমি এতিয়ালৈ যথেষ্ট জ্ঞান কৰিম। অন্ততঃ কলেজটি এই দেশত পুনৰুত্থাপিত আৰু আগৰ অবস্থাতকৈ বৃদ্ধি নকৰিলেই নহইছে। ইলিয়াট চাহাবৰ বৃত্তি দি কলিকাতাত পঢ়ৱাৰ নিয়ম, আৰু লিটন বাহাদুৰৰ ষ্টাটুৰি চিবিল চৰ্বিবচ পাতাৰ নিয়ম, এই দুইও অনুষ্ঠান কুক্ষণৰ কিবা কুচিন্তাৰ ফল। এনেকুৱা নিয়ম দেশীয় মানুহৰ কেতিয়াও সন্তোষ ভাজন হব নোৱাৰে। ষ্টাটুটৰি চিবিল চৰ্বিচৰ বিনাশ এতিয়া সমুপস্থিত; ইলিয়ট চাহবৰ বৃত্তিৰ বিনাশৰ নিমিত্তেও আমি আসাম গবৰ্ণমেণ্টক আহ্বান আৰু প্ৰাৰ্থনা কৰে। আসামত এটী কলেজৰ নিমিত্তে অসমীয়া মানুহে বাৰম্বাৰ গবৰ্ণমেণ্টক প্ৰাৰ্থনা কৰি আহিছে কিন্তু স্থানীয় গবৰ্ণমেণ্ট সেইবোব প্ৰাৰ্থনাত ইমান দিন আওকাণ কৰি আছি। আওকাণ কৰাৰ দিন এতিয়া উকলিল নানা কাৰ্য কাৰণ গুণে বৃত্তিৰ নিয়মৰ পৰিবৰ্তন কৰিবই লাগিব, আসমত কলেজ স্থাপিত কৰিবই লাগিব, নচেৎ আসামত উচ্চশিক্ষাৰ আশা নাই। উচ্চশিক্ষা বিস্তাৰ কৰাৰ চতুৰ্থ উপায় আসামৰ হাইস্কুলবোৰৰ অৱস্থা ভাল কৰা। আমি পূৰ্বেই কইছে। এই স্কুল শিক্ষক বিলাকৰ দৰমহা বঢ়াব লাগে, কিয়নো আসামত উপযুক্ত মানুহ পোৱা টান, অনুপযুক্ত ভাগক বিদায় বা উপায়ান্তৰ দি লাহে লাহে উপযুক্ত মানুহ আনি সুমাব লাগে। এনে কৰিলে আমাৰ স্কুল বোৰৰ যথাৰ্থ উন্নতি হয়। এই বিষয়ে গবৰ্ণমেণ্টৰ কাৰ্পণ্য ভাব দেখুওৱা নিতান্ত হানিকৰ। যদি ধনে নাটে তেন্তে দুটা বা এটা হাইস্কুল ৰাখি ইবোৰ “এবলিচ” কৰক। এই দুটা বা এটাকে উপযুক্ত শিক্ষক দি সুন্দৰকৈ চলালেও আমি এতিয়াতকৈ কৃতাৰ্থ মানিম। জিলায় জিলায় নামেৰে মাথোন একোটি হাইস্কুল ৰাখাত একো সুফল নাই। আসমৰ হাইস্কুল বোৰৰ নিম্ন শ্ৰেনীৰ শিক্ষক বিলাকক বহু দেশৰ হাইস্কুলৰ কথা দুৰত থাওক, গাৱলীয়া স্কুলৰ নিমিত্তেও উপযুক্ত বুলি ভাবিবনে ইয়াত আমাৰ সন্দেহ। এনে অৱস্থাত শিক্ষা বিষয়ে আসাম যে বঙ্গদেশৰ ইমান পিছ তাত বিচিত্ৰ কি? • এতেকে আমি দুহোকুৰি কওঁ যে ধনৰ