পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
অসমীয়া সাহিত্যৰ চানেকি।

ডাঙৰ বিছনিৰ বা জুৰ লাগি পৰে।
চকুমুদি ডাঙৰ ডাঙৰ হোটোৰণি মাৰে॥
পিন্ধা উৰাত ভেম ডাঙৰ, কথাত ডাঙৰ গপ।
তলে তলে কথা ডাঙৰ পুৱা ডাঙৰ জপ॥
চুবুৰিয়াৰ মাটি চেপি পাতে ডাঙৰ বাৰী।
গহনাৰ পেৰা ডাঙৰ কৰে বাৰী তিৰুতা কাঢ়ি॥
খাতৰ বন্ধাক খাব নিদি ডাঙৰ ভৰাল পাতে।
বিযায় সভায় মাগন তুলি চাঙৰ তলত পোতে॥
তিৰুতাৰ আগত পুৰুষালি, গোলামক খুন্দা যম।
লৰাৰ আগত বৰ কথা, সমনীয়াৰ আগত কম॥
চাপ্‌ৰাচিৰ আগত কেকোৰা কেকুৰি, চাহাবৰ আগত কুজা।
এওঁএই আমাৰ আসামৰ ডাঙৰীয়া বুঝা॥

    

   অসমীয়া বাবু।

লোদৰ পোদৰ ডাঙৰ দীঘল, টেৰি কাটা চুলি।
নাক খৰা তাৰ গোফ পাতল, দাড়ি পেলাই তুলি॥
দুই চকু তাৰ পুঠি মাছ, সদাই ধৰফৰ।
খোপৰ পৰা ফুটি ওলাই, মাৰিব খোজে লৰ॥
বুকু বহল পেটটি সৰু, ফিন্দাই ফিন্দাই ফুৰে।
বাহিৰত কি ঘৰত কি গাৰ চোলা নেৰে॥
আফিচত সি পিন্ধে ঠেঙা, মূৰত মখমল টুপি।
বাটে পথে ছাতা এৰি, নলয় বৰজাপি॥
ঘৰৰ গতি থানৰ ধুতি, চুটি পিৰণ গায়।
আগ চোতালত চকিত বহি বাটৰ মানুহ চায়॥
কাকত পঢ়াত কিতাপ পঢ়াত নাযায় তাৰ মন।
লগৰীয়া ভাগৰীয়া সদাই দুই এক জন॥
আবেলিৰ ফেদেলিৰ অন্ত নাই তাৰ।
পাশা পালে মাজ নিশালৈ চলে মাৰ মাৰ॥
পুৱা উঠি হতবুদ্ধি কামকায একো নাই।
ইঘৰ সিঘৰ কৰি ফুৰে ধপাত চিলিম খাই॥