পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চশিক্ষা। ৩০১ এটাইবোৰক মাতি আনি পঢ় ৱাব পাৰা গল হেতেন। কিন্তু বাস্তুবিকে শিক্ষক। যতনেই শিক্ষাৰ্থৰ উন্নতিৰ মূল। সেই যতন আসমত কলেজ হলে যে অসমীয়াই ভালকৈ পাব পাৰিব এনে আশা নিশ্চয়ে কৰিব পাৰি। এই দেশত কলেজ হলে। অন্ততঃ কেইজন মান সুশিক্ষিত মানুহ ইয়ালৈ আহি একে ঠাইতে গোট খাইহি। সুশিক্ষিত মানুহৰ সম্প্ৰদায় বলবান আৰু উন্নতিশীল। সুবিজ্ঞ মানুহ কিছুমান একে। উপলক্ষে একে ঠাইতে লগ লগাব পাৰিলে দেশৰ যে কিমান শুভ সাধন কৰিব পাৰি তাক আমি ভাবি ওৰ ক্ষয় নাপাও। গোটেইখন ভাৰতবৰ্ষতেতত ঠাইএ ঠাইএ সুশিক্ষিত মানুহ আছে? কিন্তু অকল ৰাজধানি কেখনত হে ইমান উন্নতি ইমান সদনুষ্ঠান সদাই কিয় হয়? ইয়াৰ কাৰণ কেবল এই যে ৰাজধানিত সুশিক্ষিত মানুহবোৰ একে ঠাইতে গোট খাইছে, আৰু মফস্বলত সুশিক্ষিত মানুহ থাকিলেও ছিন্ন ভিন্ন হই আছে। আসামত কলেজ পাতিলে অন্ততঃ পাচ জন সুশিক্ষিত মানুহ- ওতো একে ঠাইতে হব। এতিয়া আসামৰ জিলা একোখনত এই পাঁচ জনও পোৰ। টান। এতেকে আসামত উচ্চশিক্ষা আৰু অন্যান্য উন্নতিৰ এক উপায় যে ইয়াত এটি কলেজ স্থাপিত কৰা এই কথা মানিবই লাগিব। আসামত উচ্চশিক্ষা বিস্তাৰ কৰাৰ তৃতীয় উপায়;-আসামৰ কলেজত পঢ়ি উঠা ছাত্ৰ বিলাকক বৃত্তি দি কলিকাতালৈ আৰু বিলাতলৈ পঠোৱা। যি শিক্ষা আসামত পাব (অৰ্থাৎ ইযাত বিএ মহলাত উঠি) তাৰ সম্পূৰ্ণতা সাধিবলৈ সকলোৱে কলিকাতালৈ যাব লাগে আৰু যি পাৰে বিলাতলৈকো যাব লাগে। বঙ্গীয় গবৰ্ণমেন্টে বৃত্তি দি বছৰি বছৰি কৃষিশিক্ষা। কৰিবৰ নিমিত্তে বঙ্গালীক বিলাতলৈ পঠায়, আসামৰ পৰা অন্ততঃ দুই তিনি। বছৰৰ মূৰতও একোজন পঠালে আসাম গবৰ্ণমেন্টে তাৰ দ্বাৰাই আসামৰ বিশেষ উন্নতি সাধন কৰিব পাৰে। সম্প্ৰতি তিনি বছৰৰ মূৰত একোজনক। বিলাতলৈ পঠাবলৈ কোৱাত ৰাজকোষলৈ বিশেষকৈ গধুৰ প্ৰস্তাব পঠোৱা যেন অনুমান নহয়। বছৰি আঠ কি নয় হাজাৰ ৰূপৰ বৃত্তি দি যি গবৰ্ণমেন্টে আসামৰ পৰা কলিকাতালৈ লৰা পঠাব পাৰে, এজনক বিলাতলৈ পঠাবৰ নিমিত্তে সেই গবৰ্ণমেন্টে তাৰ উপৰি দেৰ হাজাৰ কি দুহাজাৰ ৰূপ খৰচ কৰা অসাধ্য বুলিব নোৱাৰে হবলা, অন্যান্য স্থানীয় গবৰ্ণমেন্টে উচ্চশিক্ষাৰ্থে যিমান যতন আৰু ব্যয় কৰে আসাম। গবৰ্ণমেন্টেও সেই অনুসাৰে নকৰিলে সুশাসনৰ ফল আৰু চিন এই দেশত কি থাকিব? সুশিক্ষাৰ মহাত্মই সুশাসনৰ চিন। দেশীয় ৰজাৰ প্ৰদেশতকৈ ইংৰাজ ৰাজ্যত সুশিক্ষা বিস্তাৰ সৰহ এই নিমিত্তেই ঘাইকৈ ইংৰাজ ৰাজ্য উন্নতিশীল