পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ ঢানেকি। নিচিনা ঠাইত, নকৰিব পাৰা কথা নাই। বুঢ়াবোৰৰ চকুৰ আগৰ পৰা নিলগ কৰি লৰাবোৰক কলিকাতাৰ হুলস্থূলৰ মাজত অকলে পেলাই দিয়া অতি ভয়ঙ্কৰ কথা। ইয়াৰ ইংৰাজৰ লৰাবোৰক কেতিয়াও এনে বয়সত অকলে বাহা কৰি থাকিব নিদিয়ে। সিহঁতক সদায় শিক্ষকৰ চকুৰ আগত ৰাখি স্কুলতে বাঁহা দিয়ায়। বিলাতত আৰু আন আন সভ্য দেশতও সেযে নিয়ম। ইংৰাজৰ লৰাক ঘৰত নপঢ় ৱাকৈযে ৰাখিব তথাপি নগৰৰ প্ৰলোভনৰ মাজত কিছু বয়সলৈ অকলে থাকিবলৈ এৰি নিদিয়ে। অসৎ পথৰ ভযৰ নিমিত্তেই যে অভিভাবকহীন কৰি নগৰত ৰাখা অনুচিত এনে নহয; নগৰত মনৰ চঞ্চলতা বৃদ্ধি কৰিবৰ ভালেমান কাৰণ থাকে। আজি কালিৰ ৰাজনীতি আন্দোলনত কলিকাতাৰ লৰাবোৰৰও গা উঠি পৰে। মনৰ চাঞ্চল্য হলে পঢ়াত মন নাথাকে। এই নিমিত্তেই আজি দুবছৰ মান ৰাজনীতি আন্দোৰ বৃদ্ধিযে সইতে কলিকাতাত প্ৰবেশিকা পৰীক্ষাত বাগৰি পৰা লৰাৰ লেখও বৃদ্ধি পাইছে। ৰাজনীতিত বাজেও, কলিকাতাৰ আমোদ প্ৰমোদৰ লেখ জোখ নাই। এই বোৰৰ দ্বাৰা অকলে থাকা লৰাৰ মন যে আকৃষ্ট হব পাৰে ই একো আচৰিত কথা নহয়। সেই নিমিত্তেহে আমি কঁও, যে আসামতে এঠাইত অসমীয়া লৰাৰ নিমিতে কলেজ স্থাপিত হওক। সেই কলেজত বিএ লৈকৈ পঢ়িবলৈ পাৰ হওক, আৰু আইন আৰু বিজ্ঞান বিভাগৰও শ্ৰেণী পাতা হওক। ইয়াৰ দ্বাৰাই আসামৰ উচ্চশিক্ষা বাস্তবিকে বাঢ়িব। আলামত ৰাজনীতিৰ অন্দোলন নাই, আমোদ প্ৰমোদ নাই, নগৰৰ নিচিনা মন চঞ্চল কৰিবলৈ ইয়াত একোকে নাই। বিশেষ যতে কলেজ পাতা নহওক, লৰাবোৰ বাঁহ কৰি অকলে থাকিবৰও আবশ্যকতা নাই; কিয়নো আসামৰ সকলো জিলাতে সকলোৰে চিনা জানা আত্মীয় কুটুম মানুহ দুই এজন থাকেই; এই বিলাকৰ ঘৰতে বা চকুৰ আগতে থাকি লৰাবোৰে লিখা পঢ়া কৰিব পাৰে। তেনেকুয়া আত্মীয় মানুহ নাথাকিলেও অসমীয়াই সইতে অসমীয়াৰ মিল প্ৰীতি নকৈ স্থাপন কৰা একো টান কথা নহয়। আসমত কলেজ হলে, ছাত্ৰৰ লেখ তাকৰ হোৱা বাবে শিক্ষক বিলাকৰ প্ৰত্যেক ছাত্ৰক পঢ়োৱাত যতন থাকিব। কোনোৱে কয় বোলে কলিকাতা যেনে ভাল শিক্ষকৰ মুখে পঢ়িব পাৰিব আসামত তেনে শিক্ষক অলপ অচৰপ ধনেৰে পোৱা নাযাব। ভাল শিক্ষকৰ মুখে পঢ়া ভাল এই কথা সৰ্চা। কিন্তু কলিকাতাত ছাত্ৰৰ লেখ সৰহ, শিক্ষকৰ কাজেই তিমান যতন নাথাকে। উচ্চশিক্ষাৰ আদিত যতনেই উন্নতিৰ মূল। অকল ছাত্ৰৰ যতন নহয়, শিক্ষকৰও যতন লাগে। শিক্ষকৰ যতন নালাগিলে বঙ্গদেশৰ ইমানবোেৰ কলেজৰ একো আৱশ্যক নাই। দুই চাৰি ঠাইতে