পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চশিক্ষা। ২৯৯ কপালত সেয়েহে আছেগৈ, এই পুৰুষত কি ইয়াৰ পিচৰ পুৰুষত কি দুই তিনি পুৰুষত এনে নঘটিলেও নঘটিব পাৰে; কিন্তু যেতিয়াই হওক, আমাৰ সন্তান সন্ততিবোৰ গই যে এদিন এক্তিয়াৰ বাঢ়িব ধৰা বঙ্গালী,কুলিৰ বা ছিলটীয়। দোকানীৰ সন্তান সন্ততিৰ ধপাত দিয়া লগুৱা হব এই চিন্তাই যদি অসমীয়া মানুহৰ হৃদয়ক। উদ্দীপ্ত কৰিব পাৰে, তেনেহলে সকলোৱে এবাৰ লাগি চাওক, যিহতে উচ্চশিক্ষা এই দেশত বৃদ্ধি কৰাই দেশখন ৰক্ষা কৰিব পাৰি। বঙালী মানুহে কাম পালে, অসমীয়াই নাপালে, এই বাৰে বঙালীক খিল কৰা, বা কোনো অসমীয়া মানুহ বিদ্যাবুদ্ধিত বা ধনত আনতকৈ ডাঙ্গৰ হল, এই বাবে তাক খিল কৰি তললৈ পেলাব খোজা; অচল কথা পাহৰি ফুচুবি কথাত পৰস্পৰ হাই দন্ধ কৰা; এই বোৰেই জাতীয়ত্ব বিনাশৰ পূৰ্বলক্ষণ। বঙালীয়েনো কিষ কাম পায, অসমীয়াই কিয় নাপায়; বঙ্গদেশৰনো উন্নতি কিয় আৰু অসমীয়া ভাল মানুহবেই বা অবনতি কিয়, এইবোৰৰ কাৰণ কেবল বঙ্গদেশত উচ্চশিক্ষাৰ বিৰ, আৰু অসমত তাৰ অভাব। ৰোগৰ মূলতে ক্ৰিয়া কৰিলেহে প্ৰতিকাৰ হয। এতেকে আসামত উচ্চশিক্ষা বিস্তাৰ কৰিলেহে আমাৰ দেশৰ কুটিল ভাববোৰ দূৰীভূত হব, আৰু অসমীয়া জাতিৰ পুলি শকত হই লাহে লাহে সুফল প্ৰদান কৰিব। দেশত উচ্চশিক্ষা বিস্তাৰ কৰাৰ উপায় কি এই কথা সুধিব লগীযা। প্ৰথম উপায়,দেশত কিছুমান সুশিক্ষিত মানুহ সুমুওযা। আগেযে কোৱা গইছে সুশিক্ষিত মানুহৰ আদৰ্শ চকুৰ আগত থাকিলে শিক্ষাৰ পিনে মানুহৰ মন আকৃষ্ট হয়। উচ্চ বিষয়ৰ কথা উচ্চ আলোচনা সুশিক্ষিত মানুহৰ লগত সদাষ হই থাকিলে মানসিক বৃত্তি বোৰ বাঢ়িবলৈ ধৰে। এতেকে আমাৰ দেশত সুশিক্ষিত মানুহৰ অভাবে বঙ্গালী সুশিক্ষিত মানুহক কাম দি ইয়ালৈ অনাত আমাৰ বেজাৰৰ কথা নহয়, আনন্দৰ হে কাৰণ হব লাগে। দ্বিতীয় উপায,-- দেশত এটি উচ্চ শ্ৰেণীৰ কলেজ পাতা। এইটি উচ্চশিক্ষাৰ্থে নিতান্ত অৱশ্যকীয় অনুষ্ঠান। অসমীয়া আৰু বঙ্গালীৰ যদি একে ভাষা, একে জাতি, একে আচাৰ নীতি আৰু একে ঐতিহাসিক স্মৃতি হল হেতেন, তেনেহলে বঙ্গদেশত ইমান কলেজ থাকাত আসমত বেলেগ কলেজৰ তিমান আৱশ্যক নহল হেতেন। এই অনৈকতাব যে অধিকাংশ লাহে লাহে একে হব গই তাৰ সন্দেহ নাই, কিন্তু যেতিয়লৈকে তেনে নহইছে, তেতিয়লৈকে ঘৰবাৰীৰ তাড়নৰ পৰা মুকলি কৰি আমাৰ লৰাবোৰক বিদেশলৈ পঢ়িবলৈ পঠোৱা আমাৰ অনভি প্ৰায় 1 বিদেশত কোনো এ লৰাবোৰক চাওত। নাই। গতিকে উদং হৈ পৰে, যাৰে যি ইচ্ছা তাকে কৰে। বিশেষকৈ কলিকাতাৰ