পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯৮ অসমীয়া সাহিত্যৰ চানেকি। সদ ইচ্ছা স্বত্বেও পিচদুৱাৰেদি মাজে মাজে অনুপযুক্ত মানুহ দুই এটা যে কামত নোসোমাব এনে আশা কৰিব নোৱাবি। দয়াদাক্ষিণ্যতাৰ পয়োবিন্দু ৰক্ত মাংস সম্পন্ন মানব শৰীৰত যেনে বৰ্তমান, তেনেকৈ নিৰাকাৰ অথচ সৰ্বাঙ্গীন গবৰ্ণমেণ্টৰ বিস্তীৰ্ণ কাৰ্য কলাপতও যে সেই ভাবৰ ফলাফল বিদ্যমান নাথাকিব এনে আশা কৰিব নোৱাৰি। এতেকে কেতিয়াবা কোনো অনুপযুক্ত মানুহ ও কোনো কাৰণ গতিকে গবৰ্ণমেণ্টৰ কৃপাচকুত পৰিলে আমাৰ তাত চকু গিৰ নহয়। সাধাৰণ পক্ষে, গবৰ্ণমেণ্টৰ কাম কাযত সুশিক্ষিত মানুহেই হে যে ঠাই পায়, এই কথা মানিব লাগে। আসামতও এই দবে শিক্ষিত বঙালী সোমাই অশিক্ষিত অসমীয়াৰ অন্ন কাঢ়ি ললে। ইয়াত যি অসমীয়াই বেয়া পাই, তেওঁ আমাৰ মনত হলে আসামৰ যথাৰ্থ মঙ্গলৰ পথত বাধা মাথোন। উচ্চশিক্ষা পালেহে উচ্চ পদ লভিব পাৰি এই কথাৰ উদাহৰণত চকুৰ আগতে দেখি দেখি অসমীয়া মানুহে আজি কালিৰ উচ্চশিক্ষাৰ ফালে আগবাঢ়িব লাগিছে যেন চিন দেখা যায়। সুশিক্ষিত অসমীয়া মানুহৰ লেখ দেশত সৰহ হলে দেশৰ পৰম মঙ্গল। দুই চাৰিটা বিষয়াৰ পদ অসমীয়াই পালেই যে আসাম মঙ্গল হব এনে আমি বিশ্বাস নকৰে। বিষয় পোৱাটো ব্যক্তি বিশেষৰ মাথোন মঙ্গল, তাত সাধাৰণৰ মঙ্গল কি? বঙালী বিষয়াৰ দৰমহাৰ ধনখিনি পেৰাত সুমাই থয। অসমীযা বিষয়া হলে তেওঁৰ দৰমহাৰ ধনখিনি সাধাৰণক বাটি দিব নে? এতেকে আসামৰ উচ্চপদবিলাকত বঙালী মানুহেই নিযুক্ত হওক কি অসমীয়াই হওক তাত আমাৰ ইফালে বা সিফালে ওজৰ আপত্তি একো এই নাই, কেবল মাথোন উপযুক্ত মানুহ হব লাগে। অসমীয়া মানুহ উপযুক্ত হই যদি আসামত কিয় বঙ্গদেশত বা ভাৰতবৰ্ষৰ আন আন দেশত উচ্চপদবোৰ লয় গই, তেন্তে তাত আমাৰ পৰম সন্তোষ। কিন্তু এনেকুৱা উপযুক্ত হব লাগিলে দেশত উচ্চশিক্ষাৰ অনুস্থান কৰা নিতান্ত লাগতিয়াল, সকলো অভাবতকৈ অসমীয়াৰ পক্ষে এতিয়া ডাঙৰ অভাব উচ্চশিক্ষা। সকলো বনতকৈ উচ্চশিক্ষাৰ নিমিত্তে কাৰবাৰ কৰাই গুৰুতৰ বন। যদিহে সকলোৱে মিলি এই ঘাই বনৰ পুৰুষাৰ্থ এতিয়া নকৰে, তেনেহলে আৰু কিছুদিনৰ মূৰত অসমীয়া মানুহ লুপ্ত হব; যদি লুপ্ত নহই জীয়াই থাকেহে, তেন্তে উৰীয়া মানুহ যেনে পালকি বেহেৰা বুলি আৰু অতি নীচ জঘন্য কামৰ ব্যবসায়ী বুলি বিখ্যাত, অসমীয়া মানুহও তেনে পেটৰ ভোকত দোলাভাৰী আৰু লগুৱা হব লাগিব। অসমীয়া ভাল মানুহবিলাকৰ যেনে পতন দিনে দিনে হব লাগিছে, তাৰ দ্বাৰায় বাস্তবিকে আমাৰ মনত হলে বৰ আশঙ্কা হইছে যে কিবাজানি অসমীয়াৰ