পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চশিক্ষা। ২৯৩ নিচেই তাকৰ দৰমহাতেও বঙ্গদেশত অতি সুশিক্ষিত শিক্ষক পোৱা যায়। বিএ পৰীক্ষা দি উঠি দুবছৰৰ পিছত হে বি এল পৰীক্ষাত সোমাবলৈ দিয়াৰ নিয়ম। আৰু আন পৰীক্ষাৰ নিচিনা আইন পৰীক্ষালৈ গোটেই দিনটো কলেজত আবদ্ধ হই সোমাই থাকিব নেলাগে। এতেকে এই দুবছৰ কাল এনেয়ে মিছামিছিকৈ নকটায় অনেকে যিহকে পায় সেই দৰমাছাতে স্কুল শিক্ষক কামত সোমাই জীবিকাও চলায় আৰু ইপিনে কলেজলৈ পুৱা এঘণ্টা গই আইন শ্ৰেণীত হাজিৰাটোও লেখাই আহে। বঙ্গদেশত ঠাই এ ঠাইএ বি এল পৰীক্ষাৰ নিমিত্তে কলেজ বিলাকত আইন শ্ৰেণী আছে। সেই গতিকেই সুশিক্ষিত শিক্ষক সেই দেশৰ স্কুলবোৰত অলপ দৰমহাতে পোৱা যায়। আসামত বি এল পৰীক্ষাৰ নিমিত্তে। আইন শ্ৰেণী নাই তেনেহলে আইন পৰীক্ষাৰ্থী সুশিক্ষিত বঙ্গালী কিয় এই দেশৰ স্কুলৰ শিক্ষক হই আহিব? এতেকে যদি আমাৰ গবৰ্ণমেন্টে উচ্চশিক্ষাৰ উন্নতি আসমত দেখিবলৈ খোজে, তেন্তে ইয়াৰ শিক্ষক শ্ৰেণীৰ দৰমহা বঢ়াই দি ভাটিৰ সুশিক্ষিত মানুহ অনাওক। প্ৰতি স্কুলত একোজন এম এ আৰু তাত বাজে অতিকমে দুজন বি এ থাকিব লাগে আৰু এফ এ পৰীক্ষাত মুঠ। কোনো মানুহক স্কুল শিক্ষক নকৰা নিয়ম থাকিব লাগে। এনে কৰিলেহে বাস্তবিকে সামত উচ্চ শিক্ষাৰ গুৰি বান্ধা হব, আৰু যেতিয়ালৈকে তেনে কৰা নাযায় তেতিয়ালৈকে প্ৰবেশিকা পৰীক্ষাত উঠা ল’ৰা এই দেশত ভালেমানও হব পাৰিব, কিন্তু কেতিয়াও ইয়াত উচ্চ শিক্ষাৰ ফল নফলে। গুৰি ডাঠ নহলে গছ লঘু, হুৰুক। বতাহৰ কোৰত হলি পৰে। গবৰ্ণমেন্টে আৰু সৰহকৈ বৃত্তি দি ঝাঁকে ঝাঁকে অসমীয়া ল'বা কলিকাতালৈ পঠাই উচ্চশিক্ষাত ঘহনি খুয়াওক, তাৰ দ্বাৰাই অসামত উচ্চ শিক্ষাৰ অলপও সহায়তা বা উন্নতি নহয়, ই আমাৰ দৃঢ় বিশ্বাস। আপইতা কঠাল জাগ দি পকাব খুজিলে সি মাথোন গেলে। কলিকাতাত পঢ়ি উঠা আৰু পঢ়ি থাকা ডেকা বিলাকৰ গ্লানি কৰা আমাৰ মনৰ বাহিৰ, তেওঁবিলকেই আমাৰ দেশৰ আশা বুলিব লগীয়া, আৰু তেওঁবিলাকৰ কোনো কোনোয়ে যে নিজৰ যতন আৰু বুদ্ধিৰ গুণে উচ্চশিক্ষা পাই, শিক্ষাৰ উচ্চ ফল লাভ কৰি, উচ্চশিক্ষাৰ গৌৰব, দেশৰ গৌৰব, আৰু শিক্ষাৰ্থী সকলৰ উৎসাহ বঢ়াব, এনেও আমি আশা কৰো। কিন্তু বোধ কৰে, তেওঁবিলাকে নিজেই এই কথা নামানি নোৱাৰে, যে আসামৰ স্কুলত যি শিক্ষা পাই তেওঁবিলাক কলিকাতালৈ যায় সি ইমান দুষনীয় আৰু তাৰ প্ৰণালী ইমান বেয়া যে পোনে পোনে আৰু ভালেমান দিনলৈকেও কলিকাতাৰ কলেজৰ শিক্ষাপ্ৰণালী তেওঁবিলাকৰ পক্ষে গধূৰ আৰু দুৰ্গম বোধ হয়, আৰু তাৰ সহপাঠী বিলাক শ্ৰম আৰু বুদ্ধিত শ্ৰেষ্ঠ